ৰঙাপৰাৰ বৰজুলিত উত্তপ্ত পৰিস্থিতি, টায়াৰ জ্বলাই ৰাইজৰ প্ৰতিবাদ, শূন্যলৈ ২০ জাঁই গুলীচালনা আৰক্ষীৰ

News18 Assam | News18-Assam
Updated:November 24, 2020, 10:53 AM IST
ৰঙাপৰাৰ বৰজুলিত উত্তপ্ত পৰিস্থিতি, টায়াৰ জ্বলাই ৰাইজৰ প্ৰতিবাদ, শূন্যলৈ ২০ জাঁই গুলীচালনা আৰক্ষীৰ
আৰক্ষীয়ে উভয় পক্ষক মীমাংসাৰ বাবে থানালৈ মাতি অনাৰ পিছত অভিযোগকাৰীক থানাত উপস্থিত হোৱাৰ সময়ত দুব্যৱহাৰ কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

আৰক্ষীয়ে উভয় পক্ষক মীমাংসাৰ বাবে থানালৈ মাতি অনাৰ পিছত অভিযোগকাৰীক থানাত উপস্থিত হোৱাৰ সময়ত দুব্যৱহাৰ কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

  • News18 Assam
  • Last Updated: November 24, 2020, 10:53 AM IST
  • Share this:
যোৱানিশা ৰঙাপৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অনাকাংক্ষিক ঘটনাটোৱে বৰজুলিবাসী ৰাইজক ক্ষুব্ধ কৰি তোলে। সন্ধিয়া প্ৰায় ৭ মান বজাত ক্ষুব্ধ ৰাইজে বৰজুলি হাটখোলাত ৰঙাপৰা-মিছামাৰী সংযোগী গড়কাপ্তানি পথৰ ওপৰত টায়াৰ জ্বলাই আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আৰক্ষী আৰু ৰাইজৰ মাজত হোৱা বাক–বিতণ্ডাৰ মাজতে ৰঙাপৰা আৰক্ষীয়ে শূন্যলৈ ২০ জাঁই গুলীচালনা কৰে৷ ইয়াৰ পিছতে ৰাইজ ক্ষুব্ধ হৈ পৰে আৰু ৰাজপথত টায়াৰ জ্বলাই আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে৷ ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া বুধিন পেগুৰ নিলম্বনৰ দাবী জনাই ৰাইজে৷

লকডাউনৰ সময়ত বৰজুলি হাটখোলাৰ নিৱাসী মণিকা বৰুৱা নামৰ বৃদ্ধাগৰাকীৰ ঘৰত সম্পৰ্কীয় ৰঙিয়াৰ জোনমণি বৰুৱা আৰু নিৰ্মলা বৰুৱা নামৰ দুজনী যুৱতী আহি থাকিবলৈ লৈছিল। যুৱতী দুগৰাকীয়ে বৃদ্ধা গৰাকীৰ চৰকাৰী গৃহ আৰু মাটিখিনি দখল কৰাৰ চেষ্টা গোপনে চলাই আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে। ইফালে বৃদ্ধা নিৰ্মলা বৰুৱাৰ নাতিনী তথা বিপুল বৰুৱাৰ পত্নী নেহা বৰুৱা আৰু খুলশালী তুম্পা বৰুৱাই ইয়াৰ প্ৰতিবাদ কৰিছিল। ইয়াতে ক্ষুব্ধ হৈ পৰে ৰঙিয়াৰ যুৱতী দুগৰাকী। তেনে সময়তে যোৱা ১৯ নৱেম্বৰত ৰঙিয়াৰ জোনমণি বৰুৱা আৰু নিৰ্মলা বৰুৱাই বৰজুলিৰ নেহা বৰুৱা আৰু তুম্পা বৰুৱাক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰো অভিযোগ উঠিছে। ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী দুগৰাকীয়ে উক্ত দিনা ৰঙাপৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। কিন্তু আৰক্ষীৰ ভূমিকাক লৈ স্থানীয় ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰে।

ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুধিন পেগুৱে সোমবাৰে সন্ধিয়া গোচৰটো নিষ্পত্তি কৰাৰ উদ্দেশ্যৰে দুয়ো পক্ষক মাতি নিয়ে ৷ আৰু এটা পক্ষক হঠাৎ লাঠিচালনা কৰি পঠাই দিয়ে৷ পিছত আৰক্ষীৰ এটা দল সন্ধিয়া বৰজুলি হাটখোলাত উপস্থিত হয়। সেই সময়তে একাংশ লোকে আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ৰাইজৰ ওপৰত পুনৰ লাঠিচালনা কৰে আৰক্ষীয়ে। আৰক্ষীৰ দলটোক ক্ষুব্ধ ৰাইজে ঘেৰি ধৰাত ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে শূন্যলৈ ২০ জাঁই গুলীচালনা কৰে। আৰক্ষীয়ে এইদৰে শূন্যলৈ গুলীচালনা কৰাত বৰজুলি হাটখোলাৰ ব্যৱসায়ীসকল আতংকিত হৈ পৰে আৰু দোকান-পোহাৰ বন্ধ কৰি পলায়ন কৰে।

ইয়াৰ পিছতে অঞ্চলটোত পৰিস্থিতি অধিক অৱনতি ঘটে আৰু অঞ্চলটোৰ পুৰুষ-মহিলা সকলো ওলাই আহি ৰাজপথত টায়াৰ জ্বলাই ৰঙাপৰা অ’চি গ' বেক, এই অ’চি আমাক নালাগে, আৰক্ষী–প্ৰশাসন মুৰ্দাবাদ, আৰক্ষীৰ গুন্দাগিৰি নচলিব আদি বিভিন্ন শ্লোগান দিয়াৰ লগতে ৰঙাপৰা আৰক্ষী বিষয়াগৰাকীৰ পুত্তলিকা দাহ কৰি পৰিৱেশ উত্তাল কৰি তোলে।

অভিযোগ অনুসৰি, আৰক্ষীয়ে উভয় পক্ষক মীমাংসাৰ বাবে থানালৈ মাতি অনাৰ পিছত অভিযোগকাৰীক থানাত উপস্থিত হোৱাৰ সময়ত দুব্যৱহাৰ কৰে আৰক্ষী বিষয়াগৰাকীয়ে।  ৰাইজক দুৰ্ব্যৱহাৰ কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰা ৰঙাপৰা থানাৰ অ’চিগৰাকীক নিলম্বন কৰাৰ দাবী জনায়ছে ৰাইজে৷
Published by: Sanjay Kumar Das
First published: November 24, 2020, 10:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading