உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নগাঁৱৰ ৰাঙলু চেংমৰাত অপৰাধীক ধৰিবলৈ আহি আক্ৰমণৰ সন্মুখীন আৰক্ষী

    নগাঁৱৰ ৰাঙলু চেংমৰাত অপৰাধীক ধৰিবলৈ আহি আক্ৰমণৰ সন্মুখীন আৰক্ষী

    কামালক ধৰিব যাওঁতে কামালে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল যদিও ঘটনাস্থলীত কোনো গুলীচালনা হোৱা নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

    কামালক ধৰিব যাওঁতে কামালে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল যদিও ঘটনাস্থলীত কোনো গুলীচালনা হোৱা নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

    কামালক ধৰিব যাওঁতে কামালে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল যদিও ঘটনাস্থলীত কোনো গুলীচালনা হোৱা নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

    • Share this:
    নগাঁৱৰ ৰাঙলু চেংমৰাত দেওবাৰ নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অপৰাধীক আটক কৰিবলৈ আহি আক্ৰমণৰ সন্মুখীন হ’বলগা হ'ল আৰক্ষী। জানিব পৰা মতে, নগাঁও আৰক্ষীৰ এটা দলে দেওবাৰে নিশা ৰাঙলু চেংমৰাৰ কামাল উদ্দিন নামৰ এজন অপৰাধীক আটক কৰিবলৈ আহিছিল। কামাল‌উদ্দিন নকল নোট চক্ৰৰ লগত জড়িতৰ অভিযোগ। কামাল উদ্দিনৰ ঘৰত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে পৰিয়ালৰ লোক লিপ্ত হয় তীব্ৰ বাক বিতণ্ডাত। শেষত কামাল উদ্দিনৰ আত্মীয়ই লাখুটি লৈ আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হয়। আৰু লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে যদিও আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হয় কামাল উদ্দিন।

    ইপিনে আৰক্ষীয়ে ঘটনাস্থলীত গুলীচালনা হোৱাৰ কথা নসাৎ কৰিছে। কামাল‌উদ্দিনক বিচাৰি ৰাঙলু চেংমৰালৈ যোৱাৰ কথা উল্লেখ কৰি আৰক্ষীয়ে জানিবলৈ দিয়ে যে কামাল‌উদ্দিন নকল টকা বনোৱা চক্ৰৰ লগত জড়িত। কামালক ধৰিব যাওঁতে কামালে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল যদিও ঘটনাস্থলীত কোনো গুলীচালনা হোৱা নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইপিনে আৰক্ষীৰ বিপৰীতে স্থানীয় লোকে ঘটনাস্থলীত গুলী ফুটাৰ শব্দ শুনা বুলি সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে। সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত।
    Published by:Sanjay Kumar Das
    First published: