হাইলাকান্দিত বহিঃৰাজ্যৰ পৰা অহা একাংশৰ চৰম অসভ্যালি, কোৱাৰেণ্টাইন চেণ্টাৰৰ বিছনাত কৰিলে প্ৰস্ৰাৱ

News18 Assam | News18-Assam
Updated:June 28, 2020, 11:34 PM IST
হাইলাকান্দিত বহিঃৰাজ্যৰ পৰা অহা একাংশৰ চৰম অসভ্যালি, কোৱাৰেণ্টাইন চেণ্টাৰৰ বিছনাত কৰিলে প্ৰস্ৰাৱ
আজি পুৱা বহিঃৰাজ্যৰ পৰা অহা এটা দলক এইখন বিদ্যালয়ত কোৱাৰেণ্টাইন কৰিছিলে জিলা প্ৰশাসনে। কিন্তু তেওঁলোক ভিতৰলৈ গৈ দেখিলে এক নৰক সদৃশ পৰিৱেশ।

আজি পুৱা বহিঃৰাজ্যৰ পৰা অহা এটা দলক এইখন বিদ্যালয়ত কোৱাৰেণ্টাইন কৰিছিলে জিলা প্ৰশাসনে। কিন্তু তেওঁলোক ভিতৰলৈ গৈ দেখিলে এক নৰক সদৃশ পৰিৱেশ।

  • Share this:
হাইলাকান্দিত বহিঃৰাজ্যৰ পৰা অহা একাংশৰ চৰম অসভ্যালি। কোৱাৰেণ্টাইন চেণ্টাৰত দিয়া বিছনাৰ গাদী, গাৰু আদিত কৰিলে প্ৰস্ৰাৱ। কোৱাৰেণ্টাইন চেণ্টাৰৰ চাৰিওফালে আৱৰ্জনা। হাইলাকান্দি চহৰৰ মাজ মজিয়াত থকা চৰকাৰী ভিক্টোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

আজি পুৱা বহিঃৰাজ্যৰ পৰা অহা এটা দলক এইখন বিদ্যালয়ত কোৱাৰেণ্টাইন কৰিছিলে জিলা প্ৰশাসনে। কিন্তু তেওঁলোক ভিতৰলৈ গৈ দেখিলে এক নৰক সদৃশ পৰিৱেশ। বিদ্যালয়ৰ ভিতৰভাগ জাৱৰ আৰু আৱৰ্জনাৰে পৰিপূৰ্ণ। বিছনাসমূহ নাই নিৰ্ধাৰিত স্থানত। ইয়াৰ উপৰি কেইবাখনো বিছনাৰ গাদীত আছিলে প্ৰস্ৰাৱ। শনিবাৰে কোৱাৰেণ্টাইন চেণ্টাৰ ত্যাগ কৰা একাংশ অসভ্য লোকে কৰি থৈ গৈছে এই চৰম অসভ্যালি।

এই নৰকময় পৰিস্থিতিত যুৱকসকল থাকিবলৈ অসন্মতি প্ৰকাশ কৰাত চেণ্টাৰত থকা চৰকাৰী কৰ্মচাৰীয়ে খবৰ দিয়ে জিলা প্ৰশাসনক। পিছত জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত হৈ চেণ্টাৰটো পৰিষ্কাৰ কৰি দিয়াৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।
First published: June 28, 2020, 11:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading