মুখ্যপৃষ্ঠা »খবৰ »অসম »নগাঁৱৰ প্ৰসূতি আৰু শিশু চিকিৎসালয়ত আজৱ কাণ্ড, জীৱিত নৱজাতকৰ সলনি পিতৃ–মাতৃক চমজালে মৃত নৱজাতক

নগাঁৱৰ প্ৰসূতি আৰু শিশু চিকিৎসালয়ত আজৱ কাণ্ড, জীৱিত নৱজাতকৰ সলনি পিতৃ–মাতৃক চমজালে মৃত নৱজাতক

মঙলবাৰে চিকিৎসকে তেওঁলোকৰ নৱজাতকটিৰ আইচিইউত মৃত্যু হোৱা বুলি উল্লেখ কৰি এটি  শিশুৰ মৃতদেহ পৰিয়ালক গতাই দিয়ে।

মঙলবাৰে চিকিৎসকে তেওঁলোকৰ নৱজাতকটিৰ আইচিইউত মৃত্যু হোৱা বুলি উল্লেখ কৰি এটি  শিশুৰ মৃতদেহ পৰিয়ালক গতাই দিয়ে।

মঙলবাৰে চিকিৎসকে তেওঁলোকৰ নৱজাতকটিৰ আইচিইউত মৃত্যু হোৱা বুলি উল্লেখ কৰি এটি  শিশুৰ মৃতদেহ পৰিয়ালক গতাই দিয়ে।

  • Share this:
নৱজাতক সালসলনিক কেন্দ্ৰ কৰি পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে নগাঁৱৰ ম'হখুলিস্থ প্ৰসূতি আৰু শিশু চিকিৎসালয়। জানিব পৰা মতে, সোমবাৰে বিয়লি লাওগাঁৱৰ জিয়াবুৰ ৰহমানৰ পত্নী আফিয়া খাতুনে এটি কন্যা সন্তান প্ৰসৱ কৰে। জন্ম হোৱাৰ পিছতে সন্তানটিক শিশু আইচিইউত ভৰ্তি কৰে চিকিৎসকে। পিছে মঙলবাৰে চিকিৎসকে তেওঁলোকৰ নৱজাতকটিৰ আইচিইউত মৃত্যু হোৱা বুলি উল্লেখ কৰি এটি  শিশুৰ মৃতদেহ পৰিয়ালক গতাই দিয়ে।

জিয়াবুৰে প্ৰথমে সেইটো তেওঁলোকৰ সন্তান নহয় বুলি আপত্তি কৰে যদিও চিকিৎসালয় কৰ্তৃপক্ষই জোৰকৈ তেওঁলোকক মৃত নৱজাতকটিক গতাই দিয়ে। বিমৰ্ষ মনৰে জিয়াবুৰে মৃত নৱজাতকটিক লৈ লাওগাঁৱৰ নিজ বাসগৃহত উপস্থিত হোৱাৰ পিছতে পুনৰ চিকিৎসালয় কৰ্তৃপক্ষই ফোনযোগে তেওঁলোকৰ ভুল স্বীকাৰ কৰি পুত্ৰ সন্তানটিক লৈ যাবলৈ অনুৰোধ জনায়।

ইয়াৰ পিছতে চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে জিয়াবুৰ ৰহমানৰ লগতে লাওগাঁৱৰ ৰাইজে। স্থানীয় ৰাইজৰ অভিযোগ ম'হখুলি চিকিৎসালয়ত সক্ৰিয় হৈ আছে শিশু বিক্ৰী চক্ৰ। পৰৱৰ্তী সময়ত চিকিৎসালয়খনত নগাঁও আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। চৰকাৰী স্বাস্থ্য খণ্ডত সংঘটিত এই ঘটনাই নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শেহতীয়া বাতৰি