মুখ্যপৃষ্ঠা »খবৰ »অসম »ভেকচিনক লৈ নগাঁৱৰ ইছলামীয়া মাদ্ৰাছাত উত্তপ্ত পৰিস্থিতি, আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি

ভেকচিনক লৈ নগাঁৱৰ ইছলামীয়া মাদ্ৰাছাত উত্তপ্ত পৰিস্থিতি, আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি

ঘটনাস্থলীত নগাঁও সদৰ আৰক্ষী উপস্থিত হৈ উত্তেজিত ৰাইজক বুজনি দিয়াৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ঘটনাস্থলীত নগাঁও সদৰ আৰক্ষী উপস্থিত হৈ উত্তেজিত ৰাইজক বুজনি দিয়াৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

  • Share this:
ভেকচিন প্ৰদানক কেন্দ্ৰ কৰি নগাঁও চহৰৰ ঢাকাইপট্টিত পুৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নগাঁও চহৰত ঢাকাইপট্টিস্থিত ইছলামীয়া মাদ্ৰাছাত আজি পুৱাই ভেকচিন প্ৰদানক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে, নগাঁৱৰ ঢাকাইপট্টি ইছলামীয়া মাদ্ৰাছাত আজি ৩০০ লোকক ভেকচিন প্ৰদানৰ বাবে এক শিবিৰৰ আয়োজন কৰে নগাঁও জিলা স্বাস্থ্য বিভাগে। স্বাস্থ্য বিভাগে ভেকচিন প্ৰদান কাৰ্যসূচী নিয়াৰিকৈ হোৱাৰ বাবে বুধবাৰে সন্ধ্যাই মাদ্ৰাছা সমিতিক ব্যৱস্থা কৰাৰ বাবে আহ্বান জনায়।

সেই অনুসৰি, মাদ্ৰাছা সমিতিয়ে নিশাই এক তালিকা প্ৰস্তুত কৰে। কিন্তু ভেকচিন প্ৰদানৰ বিষয়ে জানিব পাৰি পুৱাই সেই স্থানত বহু লোকে ভিৰ কৰে। সমবেত ৰাইজে ভেকচিনৰ বাবে স্বাস্থ্য বিভাগৰ দলৰ লগতে মাদ্ৰাছা সমিতিৰ লোকসকলৰ লগত বাক-বিতণ্ডাত  লিপ্ত হয়। পৰিপ্ৰেক্ষিতত বহুসময়ৰ বাবে ভেকচিন প্ৰদানৰ কাৰ্যসূচী বন্ধ কৰিবলৈ বাধ্য হয় স্বাস্থ্য বিভাগৰ লোকসকল।

অৱশেষত ঘটনাস্থলীত নগাঁও সদৰ আৰক্ষী উপস্থিত হৈ উত্তেজিত ৰাইজক বুজনি দিয়াৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইয়াৰ পিছতে মাদ্ৰাছা সমিতিৰ লোকসকলৰ সৈতে স্থানীয় লোকসকল আলোচনাত মিলিত হৈ পুনৰ ভেকচিন প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰে।

শেহতীয়া বাতৰি