ফাষ্টটেগ নলগোৱাৰ কাৰণে নিৰ্ধাৰিত পৰিমাণতকৈ ছয়গুণ বেছি টোল টেক্স বিচাৰে টোলগেট কৰ্মচাৰীয়ে৷
ফাষ্টটেগ নলগোৱাৰ কাৰণে নিৰ্ধাৰিত পৰিমাণতকৈ ছয়গুণ বেছি টোল টেক্স বিচাৰে টোলগেট কৰ্মচাৰীয়ে৷
হোজাই (Hojai) জিলাৰ ডবকা (Doboka)ত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ডবকা মিকিৰাটি টোল প্লাজাত পৰিমাণতকৈ অধিক টোল টেক্স বিচৰাক লৈ আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। টোলগেটৰ কৰ্মচাৰী আৰু গাড়ী চালকৰ মাজত তুমুল মাৰপিট।
অভিযোগ অনুসৰি, আজি পুৱাৰ ভাগত এখন বলেৰ’ পিকআপ ডবকাৰ পৰা নগাঁও অভিমুখে গৈ থকা অৱস্থাত ডবকা টোলগেট পোৱাৰ সময়ত গাড়ীখনত ফাষ্টটেগ নলগোৱাৰ কাৰণে নিৰ্ধাৰিত পৰিমাণতকৈ ছয়গুণ বেছি টোল টেক্স বিচাৰে টোলগেট কৰ্মচাৰীয়ে৷ গাড়ীৰ চালকে উক্ত টেক্স দিয়াৰ পৰিৱৰ্তে কাষতে থকা বিপণীৰ পৰা ফাষ্টটেগ লগায়৷ তাৰ পিছত টোলগেট কৰ্মচাৰী আৰু গাড়ীখনৰ চালকৰ মাজত প্ৰথমে বাক–বিতণ্ডা লাগে আৰু পিছত দুয়োপক্ষৰ মাজত মাৰপিট সংঘটিত হয় বুলি চালকজনে অভিযোগ উত্থাপন কৰে।
আনহাতে, সমগ্ৰ কথা অস্বীকাৰ কৰে টোলগেটৰ কৰ্মচাৰীয়ে৷ কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে উক্ত গাড়ীখনে টোলটেক্স নিদিয়াকৈ পাৰ হ’বলৈ লৈছিল৷ তেনে সময়তে কৰ্মচাৰীজনে গাড়ীখনৰ ফটো ল’বলৈ যাওঁতেই চালক আৰু অন্যান্যসকলে মিলি মাৰপিট কৰে।
উল্লেখযোগ্য যে যোৱা কিছুদিন পূৰ্বে ডবকা টোলগেটত অনুৰূপ ঘটনা সংগঠিত হৈছিল৷ টোলগেটৰ কৰ্মচাৰীয়ে আনকি মহিলা বাছ আৰোহীকো টনা–আঁজোৰা কৰি মাৰপিটৰ দৰে ঘটনা সংঘটিত কৰি সমালোচনাৰ সন্মুখীন হ’বলগা হৈছিল৷ উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ এনে ধৰনৰ ঘটনা সংগঠিত হোৱাত জাঙুৰ খাই উঠিছে ডবকাৰ দল–সংগঠনে৷
আজিৰ এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছুৰ হোজাই জিলা সমিতিয়ে৷ আমছুৰ হোজাই জিলা সমিতিৰ সভাপতি কবিৰ আহমেদে কয় যে সঘনাই টোলগেটত পৰিমাণতকৈ অধিক টোল টেক্স সংগ্ৰহ কৰাত মাৰপিট দৰে ঘটনা সংঘটিত হয়। স্থানীয় লোকক টোলগেটত যি সুবিধা দিব লাগে তেনে সুবিধা প্ৰদান কৰা নাই টোলগেট কৰ্মচাৰীয়ে। আনকি টোলগেটৰ বিষয়ে জিলা উপায়ুক্তকো অৱগত কৰোৱা হৈছে। এইক্ষেত্ৰত জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে আমছুৱে। টোলগেট কৰ্মীৰ উদ্ভণ্ডালি বন্ধ নকৰিলে গণতান্ত্ৰিকভাৱে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে নেতাজনে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|