দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত ডিব্ৰুগড়, চোকা অস্ত্ৰৰ আঘাতত প্ৰাণ গ’ল এজনৰ

আহত–নিহত আটাইকেইজন AMCHৰ কৰ্মচাৰী আৰু তেওঁলোক AMCHৰ আবাসিক অঞ্চলৰে নিবাসী।

News18-Assam
Updated:July 4, 2019, 8:57 AM IST
দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত ডিব্ৰুগড়, চোকা অস্ত্ৰৰ আঘাতত প্ৰাণ গ’ল এজনৰ
আহত–নিহত আটাইকেইজন AMCHৰ কৰ্মচাৰী আৰু তেওঁলোক AMCHৰ আবাসিক অঞ্চলৰে নিবাসী।
News18-Assam
Updated: July 4, 2019, 8:57 AM IST
এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি নিশা ডিব্ৰুগড়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। চহৰখনৰ পল্টনবজাৰত এখন ছুইফট ডিজায়াৰ আৰু কেইজনমান মটৰ চাইকেল আৰোহীৰ মাজত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি প্ৰথমে বাক–বিতণ্ডাৰ সৃষ্টি হয়। ইয়াৰ মাজতে ছুইফট ডিজায়াৰখনৰ এজন আৰোহীয়ে হঠাৎ চোকা অস্ত্ৰ উলিয়াই আনি মটৰ চাইকেল আৰোহীকেইজনৰ ওপৰত আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই ঘটনাত পাঁচজন লোক আহত হয়। আহতসকলক ততাতৈয়াকৈ AMCHলৈ নিয়া হয় যদিও দীপক মেচ নামৰ লোকজনৰ মৃত্যু হয়।

আনহাতে ৰূপম নাথ, ৰাতুল বৰা, প্ৰাণজিত ভূঞা আৰু মনোজ দত্ত নামৰ আন চাৰিজন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে আহত–নিহত আটাইকেইজন AMCHৰ কৰ্মচাৰী আৰু তেওঁলোক AMCHৰ আবাসিক অঞ্চলৰে নিবাসী। এই ঘটনাৰ পিছতে একাংশ ক্ষুব্ধ লোকে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে দোষীক বিচাৰি চহৰৰ বিভিন্ন লজ, হোটেল আদিত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে।

দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন অৰুণাচলৰ পঞ্জীয়নভুক্ত হোৱাৰ বাবে উত্তেজিত লোকসকলে এই ঘটনা অৰুণাচলৰ লোকে সংঘটিত কৰা বুলি অনুমান কৰি বিশেষকৈ অৰুণাচলৰ লোক বসবাস কৰা হোটেল, লজৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। অৱশ্যে আৰক্ষী আৰু CRPF–এ ক্ষুব্ধ ৰাইজক শান্ত কৰিবলৈ সক্ষম হয়। আনহাতে আৰক্ষীয়ে দিয়া তথ্য মতে, এই ঘটনাৰ মূল অভিযুক্ত তিনিচুকীয়াৰ লাইপুলিৰ গুণীন চেতিয়াক নিশাই গ্ৰেপ্তাৰ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি