চৰকাৰী আঁচনিৰ সুবিধা দিয়াৰ নামত মহিলাক অশ্লীল প্ৰস্তাৱ, ঢেকীয়াজুলিৰ পাণবাৰীত উত্তপ্ত পৰিস্থিতি

ক্ষুব্ধ ৰাইজে পঞ্চায়ত কাৰ্যালয়ত আবদ্ধ কৰি ৰাখিলে মইনুল হক চৌধুৰী নামৰ পঞ্চায়ত কৰ্মচাৰীজনক৷
ক্ষুব্ধ ৰাইজে পঞ্চায়ত কাৰ্যালয়ত আবদ্ধ কৰি ৰাখিলে মইনুল হক চৌধুৰী নামৰ পঞ্চায়ত কৰ্মচাৰীজনক৷
- News18 Assam
- Last Updated: October 13, 2020, 10:22 PM IST
ক্ষুব্ধ ৰাইজে পঞ্চায়ত কাৰ্যালয়ত আবদ্ধ কৰি ৰাখিলে মইনুল হক চৌধুৰী নামৰ পঞ্চায়ত কৰ্মচাৰীজনক৷ উল্লেখযোগ্য যে ঢেকিয়াজুলিৰ পাণবাৰী পঞ্চায়তত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰী মইনুল হক চৌধুৰীয়ে এগৰাকী বিবাহিত মহিলাক প্ৰধানমন্ত্ৰী আৱাস গৃহ প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন ধৰণে অশ্লীল ইংগিত প্ৰদানতে ক্ষান্ত নাথাকি বিভিন্ন ধৰণে অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷
এই ঘটনা একাংশ লোকে জানিব পাৰি অভিযুক্ত পঞ্চায়ত কো–অৰ্ডিনেটৰ মইনুল ইক চৌধুৰীক কাৰ্যালয়তে আবদ্ধ কৰি ৰখাৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ক্ষুব্ধ ৰাইজে নিৰ্লজ্জ কাণ্ড সংঘটিত কৰা কৰ্মচাৰীজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে পঞ্চায়ত কাৰ্যালয়টোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ইপিনে কৰ্মচাৰীজনে মহিলাগৰাকীক কৰা অশ্লীল মন্তব্য সন্দৰ্ভত স্বীকাৰ কৰে৷ পিছত ঘটনাস্থলীত ঢেকিয়াজুলি আঞ্চলিক পঞ্চায়তৰ সভাপতি উপস্থিত হৈ অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াত ৰাইজ ক্ষান্ত হয়৷