চিৰাঙৰ বিজনীৰ নিকটৱৰ্তী দহলাপাৰা টোলগেটত নিশা উত্তপ্ত পৰিস্থিতি৷ তীৰ্থযাত্ৰীৰ দল এটাৰ পৰা ধন বিচাৰি গুণ্ডা বাহিনীৰ দলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ একাংশ ছালফাই অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাহনত অহা তীৰ্থযাত্ৰীৰ লোকসকলক দাবী কৰা ধন আদায় নিদিয়াৰ বাবে দলে বলে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷
দেওঘৰৰ পৰা উভতি অহা তীৰ্থযাত্ৰীৰ দল এটাক টোলগেট কৰ্তৃপক্ষৰ একাংশ ভেৰোণীয়া গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অসম চৰকাৰৰ অনুমতি সাপেক্ষে বোলবোমত গৈ উভতি অহাৰ সময়ত তীৰ্থযাত্ৰীসকলে এই ঘটনাৰ সন্মুখীন হয়৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনস্থ বাছখনৰ পৰা টোলগেটত এহাজাৰ টকা দাবী কৰে৷ কিন্তু চৰকাৰী সা–সুবিধাৰে তীৰ্থযাত্ৰা কৰা দলটোৱে এই ধন আদায় দিবলৈ অস্বীকাৰ কৰে৷ ইয়াকে লৈ সৃষ্টি হোৱা বাক–বিতণ্ডাই তীব্ৰ ৰূপ লোৱাৰ মাজতে একাংশ ছালফা সদস্যৰ নেতৃত্বত অহা গুণ্ডা বাহিনীয়ে তীৰ্থযাত্ৰীসকলেক আক্ৰমণ কৰে৷
গুণ্ডা বাহিনীৰ দলে তীৰ্থ যাত্ৰীসকলৰ হাতত থকা নথি–পত্ৰ আদি ফালে পেলোৱাৰ লগতে মে’বাইল আদিও কাঢ়ি লয়৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি প্ৰায় এঘণ্টা ধৰি টোলগেটখনত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে৷ তীৰ্থযাত্ৰীসকলে টোলগেটখনত থকা গুণ্ডা বাহিনীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 12, 2020, 18:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।