ঘটনাস্থলীত আৰক্ষীৰ লগতে উচ্চপদস্থ বিষয়া উপস্থিত হৈ এগৰাকী ১২বছৰীয়া কাৰ্বি কিশোৰীক উদ্ধাৰ কৰে। ঘটনাস্থলীত আৰক্ষীৰ লগতে উচ্চপদস্থ বিষয়া উপস্থিত হৈ এগৰাকী ১২বছৰীয়া কাৰ্বি কিশোৰীক উদ্ধাৰ কৰে। নগাঁৱৰ বেবেজীয়াত শিশু শ্ৰমিকক লৈ দেওবাৰে সন্ধিয়া সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বেবেজীয়াৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ ঘৰত থকা দুগৰাকী কাৰ্বি কিশোৰীক ঘৰলৈ উভতাই নিবলৈ আহিছিল পিতৃ। কিন্তু অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ পৰিয়ালে কিশোৰী দুগৰাকীক উভতাই দিবলৈ অসন্মত হোৱাৰ পিছতে কাৰ্বি কিশোৰী কেইগৰাকীৰ অভিভাৱকে বেবেজীয়া আৰক্ষীৰ সহায় বিচাৰে।
বেবেজীয়া আৰক্ষীয়ে চাইল্ডলাইনৰ সহযোগত কিশোৰী কেইগৰাকীক উদ্ধাৰ কৰিবলৈ অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ ঘৰত উপস্থিত হয়। সেই সময়তে এই ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ সাংবাদিকৰ দলো ঘটনাস্থলীত উপস্থিত হয়। কিন্তু হঠাৎ সেই স্থানত উপস্থিত হয় নগাঁৱৰ এগৰাকী অতিৰিক্ত উপায়ুক্ত।
জানিব পৰা মতে, অতিৰিক্ত উপায়ুক্তগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ বিবাহিত জীয়ৰী। ইয়াৰ পিছতে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ঘটনাস্থলীত উপস্থিত থকা আৰক্ষী, চাইল্ডলাইন আৰু সাংবাদিকৰ দলটোক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আনকি এগৰাকী সাংবাদিকৰ মোবাইল কাঢ়ি লোৱাৰ উপৰিও মাইক্ৰ'ফোনো দলিয়াই পেলায়। অতিৰিক্ত উপায়ুক্তগৰাকীৰ এনে আচৰণত সকলো হতভম্ব হৈ পৰে।
পিছত ঘটনাস্থলীত আৰক্ষীৰ লগতে উচ্চপদস্থ বিষয়া উপস্থিত হৈ এগৰাকী ১২বছৰীয়া কাৰ্বি কিশোৰীক উদ্ধাৰ কৰে। আনহাতে, আন এগৰাকী কিশোৰী নগাঁও চহৰৰ ডিমৰুগুৰিত থকা বুলি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে আৰক্ষী আৰু চাইল্ডলাইনক জনাইছে। এই ঘটনাই নগাঁও চহৰৰ বেবেজীয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ইপিনে অতিৰিক্ত উপায়ুক্তগৰাকীৰ ভূমিকাত ক্ষুব্ধ হৈ পৰিছে আৰক্ষীৰ লগতে চাইল্ডলাইনৰ বিষয়ববীয়াসকল। ক্ষুব্ধ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত কয় , "আমাক নগাঁও জিলা উপায়ুক্ত মহোদয়াই শিশু শ্ৰমিক উদ্ধাৰ কৰাৰ নিৰ্দেশ দিয়াৰ বাবে আমি ইয়ালৈ আহিছিলো। খবৰ অনুসৰি দুগৰাকী কিশোৰী ইয়াত ২০১৪ৰ পৰা শিশু শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল। ইয়াৰে এগৰাকীৰ বয়স ১২বছৰ হোৱাৰ বিপৰীতে আনগৰাকীৰ বয়স ১৩বছৰ বুলি জানিব পাৰো। পিছে আমি ইয়াত এগৰাকী কিশোৰীকহে আমি পাইছো। আনগৰাকী গৃহস্থৰ জীয়ৰীৰ নগাঁও চহৰৰ ডিমৰুগুৰিস্থিত স্বামীগৃহত আছে। তেওঁ নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কৰ্মৰত। আৰু তেওঁৰ নাম শান্তনা বৰা। কিন্তু আনগৰাকী কিশোৰীক শান্তনা বৰাই এতিয়া দিব নোৱাৰিম বুলি কৈছে। আমাক জীয়ৰী তথা অতিৰিক্ত উপায়ুক্ত শান্তনা বৰাই দুৰ্ব্যৱহাৰ কৰিছে। কিন্তু তথাপিও আমি আনগৰাকী কিশোৰীক হাজিৰ কৰিবলৈ হেঁচা দিছো।"
জানিব পৰা মতে, শিক্ষকগৰাকীৰ জীয়ৰী তথা অতিৰিক্ত উপায়ুক্ত গৰাকী বৰ্তমান নগাঁৱত কৰ্মৰত।
Published by: Sanjay Kumar Das
First published: September 06, 2021, 11:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|