মৃতদেহটো চিতাত তুলি জুই জ্বলোৱাৰ সময়তে ৰাইজে কৰে বাধা প্ৰদান৷ ৰাইজৰ ক্ষোভ দেখি GMCHৰ পৰা মৃতদেহ লৈ অহা স্বাস্থ্যকৰ্মী সকলে পলায়ন কৰে৷
মৃতদেহটো চিতাত তুলি জুই জ্বলোৱাৰ সময়তে ৰাইজে কৰে বাধা প্ৰদান৷ ৰাইজৰ ক্ষোভ দেখি GMCHৰ পৰা মৃতদেহ লৈ অহা স্বাস্থ্যকৰ্মী সকলে পলায়ন কৰে৷
বৰপেটাৰোড চহৰৰ ৰাজহুৱা শ্মশানলৈ সৎকাৰৰ বাবে আনিছিল কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন লোকৰ মৃতদেহ৷ মৃতদেহটো ভৱেশ কৰ্মকাৰ ( ৫৫) নামৰ লোক এজনৰ৷ বৰপেটাৰােড চহৰৰ হৰিতকী তলাৰ ভৱেশ কৰ্মকাৰ GMCHত চিকিৎসাধীন অৱস্থাত কেৰোণাত আক্ৰান্ত হৈ দেওবাৰে মৃত্যু হয়৷ মৃত্যুৰ পিছতে GMCHৰ পৰা মৃতদেহ আনি বৰপেটাৰোড ৰাজহুৱা শ্মশানত সৎকাৰ কৰিবলৈ লোৱাৰ সময়তে ৰাইজৰ বাধা প্ৰদান কৰে ৰাইজে৷ মৃতদেহটো চিতাত তুলি জুই জ্বলোৱাৰ সময়তে ৰাইজে কৰে বাধা প্ৰদান৷ ৰাইজৰ ক্ষোভ দেখি GMCHৰ পৰা মৃতদেহ লৈ অহা স্বাস্থ্যকৰ্মী সকলে পলায়ন কৰে৷
পি পি ই কিট পিন্ধি মৃতদেহ সৎকাৰ কৰি থকা স্বাস্থ্য কৰ্মীসকলে ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি এম্বুলেঞ্চ লৈ পলায়ন কৰে৷ শ্মশানত উত্তেজনা অব্যাহত থকা সময়তে বৰপেটৰোড আৰক্ষী উপস্থিত হয়৷ অৱশ্যে শ্মশানত উপস্থিত হৈ বৰপেটাৰোড আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। পিছত আৰক্ষীয়ে ৰাইজক বুজাই–বঢ়াই শান্ত কৰি চিকিৎসা কৰ্মীৰ সহযোগত মৃতদেহটো সৎকাৰ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|