মুলতঃ পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট ছাত্ৰ–ছাত্ৰীসকলে ভাঙি চুৰমাৰ কৰে বিদ্যালয় গৃহৰ আচবাব৷
মুলতঃ পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট ছাত্ৰ–ছাত্ৰীসকলে ভাঙি চুৰমাৰ কৰে বিদ্যালয় গৃহৰ আচবাব৷
বৰপেটাৰ বহৰিৰ তাৰাবাৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি৷ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ ছাত্ৰ–ছাত্ৰীৰ মাজত অসন্তুষ্টি৷ উত্তেজিত একাংশ ছাত্ৰই ভাঙি চুৰমাৰ কৰিলে বিদ্যালয়ৰ খিৰিকী৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীসহ বিদ্যালয়খনত উপস্থিত চেঙাৰ ৰাজহ চক্ৰ বিষয়া প্ৰাণজিৎ কুমাৰ দেৱ৷ চক্ৰ বিষয়াগৰাকীয়ে আৰক্ষীৰ সহযোগত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷
মুলতঃ পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট ছাত্ৰ–ছাত্ৰীসকলে ভাঙি চুৰমাৰ কৰে বিদ্যালয় গৃহৰ আচবাব৷ জানিব পৰা মতে, বিদ্যালয়খনৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ৮৩ গৰাকী পৰিক্ষাৰ্থীৰ ভিতৰত ৬৩ গৰাকী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ২০ গৰাকী পৰীক্ষাৰ্থী অনুতীৰ্ণ হৈছিল৷ আনহাতে উচ্চতৰ মাধ্যমিকৰ ৯০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৮০গৰাকী উত্তীৰ্ণ হৈছিল৷
ইপিনে চক্ৰ বিষয়াৰ ওচৰত একাংশ পৰীক্ষাৰ্থীয়ে অভিযোগ কৰা অনুসৰি, একাংশ শিক্ষকে তেওঁলোকৰ ওচৰত টিউচন নকৰাৰ বাবে পৰীক্ষাৰ্থীক ভাবুকি দিয়া, পৰীক্ষাৰ বাবে টকা দাবী কৰাৰ লগতে কম নম্বৰ লাভ কৰা পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন কৰে।
ইপিনে চৰকাৰে অনুষ্ঠিত কৰিবলৈ লোৱা বিশেষ পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰিবলৈ আৰু অনলাইনযোগে নামভৰ্তি কৰিবলৈ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে অসন্তুষ্ট ছাত্ৰ–ছাত্ৰীসকলক আহ্বান জনায়৷ ইপিনে বহৰিস্থিত তাৰাবাৰী আৰক্ষীয়ে ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰিছে ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|