এতিয়াও উত্তেজনা বিৰাজ কৰিছে হাইলাকান্দি জিলাৰ অসম–মিজোৰাম আন্তঃৰাজ্য সীমান্তত। যোৱা এসপ্তাহৰ পৰা চলা মিজোৰামৰ অবিৰত আক্ৰমণৰ ফলতে এতিয়া ঘৰ এৰি পলাবলৈ বাধ্য হৈছে সীমান্তবাসী অসমীয়াই।
যোৱা ১৩ আগষ্টৰ নিশা এটা ভয়াৱহ বিস্ফোৰণত কঁপি উঠিছিল হাইলাকান্দি জিলাৰ অসম–মিজোৰাম সীমান্ত। নিশা সীমান্তৱৰ্তী ছাহেবমাৰা ফাকুৱাপুঞ্জি নিম্ন প্ৰাথমিক বিদ্যালয়ত গ্ৰেনেড নিক্ষেপ কৰি ক্ষতি সাধন কৰিছিলে মিজো দুৰ্বৃত্তই। ইয়াৰ ঠিক চাৰি দিন পিছতে ১৭ আগষ্টৰ পুৱতিনিশা ২ বজাত পুনৰ মিজো দুষ্কৃতিকাৰীয়ে হাইলাকান্দি জিলাৰ ধলছেড়া বিলাইপুৰ এলেকাৰ চুন্নিলাল টিলাত চলায় আগ্ৰাসনৰ চেষ্টা। আচলতে সীমান্ত এলেকাত অসমৰ গ্ৰামোন্নয়ন বিভাগে চলোৱা এমজিএনৰেগাৰ কামত বাধা দিয়াৰ উদ্দেশ্য মিজোৱে চলায় এই আগ্ৰাসন। মিজোক ৰুধিবলৈ সীমান্তত থকা অসম আৰক্ষীয়ে চলাবলগা হয় গুলী।
ইপিনে, হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে এই গুলীয়াগুলিৰ কথা স্বীকাৰ কৰি মিজোৰামৰ ফালৰ পৰা প্ৰথমে আক্ৰমণ কৰা হৈছিল বুলি উল্লেখ কৰে। ইয়াৰ প্ৰত্যুত্তৰত অসম আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হৈছে বুলি উল্লেখ কৰিছে আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে।
আনফালে, যোৱা এসপ্তাহৰ পৰা অবিৰতভাৱে চলা মিজোৰামৰ আক্ৰমণ আৰু আগ্ৰাসনৰ কাৰণত ভীতিগ্ৰস্থ হৈ পৰিছে সীমান্তবাসী অসমীয়া। সীমান্তৱৰ্তী ধলছেড়া বিলাইপুৰ এলেকাৰ দাড়াসিং টিলাৰ পৰা এতিয়া ঘৰ–বাৰী এৰি নিৰাপদ আশ্ৰয়ৰ উদ্দেশ্যে পলাবলৈ আৰম্ভ কৰিছে গঞাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|