এদিনতে যোৰহাটত উষ্ণতা হ্ৰাস পালে ৫ ডিগ্ৰী। হঠাৎ ঠেঁটুৱৈ লগা ঠাণ্ডা পৰিছে উজনি অসমত। ডাঠ কুঁৱলীয়ে আৱৰি ধৰিছে বহু অঞ্চল। যোৰহাটতো দেখিবলৈ পোৱা গৈছে অনুৰূপ পৰিৱেশ।
যোৰহাট নগৰ নিশা কুঁৱলীৰ আচ্ছাদনে ঢাকি পেলায়। এদিনৰ ভিতৰতে ৫ ডিগ্ৰী উষ্ণতা হ্ৰাস পালে যোৰহাটত। ২৭ ডিচেম্বৰত যোৰহাটৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২৩.৫ ডিগ্ৰী চেলছিয়াছ। কিন্তু ২৮ ডিচেম্বৰত এই উষ্ণতা হ্ৰাস পালে ১৮.৩ ডিগ্ৰী চেলচিয়াছলৈ।
২৮ ডিচেম্বৰত যোৰহাটৰ সৰ্বনিম্ন উষ্ণতা আছিল ১০ ডিগ্ৰী চেলচিয়াছ। ২৭ ডিচেম্বৰত যোৰহাটৰ সৰ্বনিম্ন উষ্ণতা আছিল ১৩.৫ ডিগ্ৰী চেলচিয়াছ। উল্লেখ্য, ৰাজ্যৰ আন জিলাসমূহতো হঠাতে নামি আহিছে শীত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।