অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তেলেংগানাত অপমান ৷ মুখ্যমন্ত্ৰী শৰ্মাক তেলেংগানাই ৱাশ্বিং পাউডাৰ নিৰ্মা সজাইছে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অনা এনে কাৰ্য বাবে চৰম অপমান বোধ কৰিছে বিৰোধী বিধায়ক কমলাক্ষ দে পুৰুকায়স্থই ৷ সেয়েহে মুখ্যমন্ত্ৰীক এনে অপমান কৰাৰ বাবে অসম বিধান সভাৰ বাজেট অধিবেশনৰ মজিয়াত কমলাক্ষ দে পুৰুকায়স্থই প্ৰশ্ন উত্থাপন কৰে ৷ বিধায়কগৰাকীয়ে এনে কাৰ্যৰ বাবে উচিত ব্যৱস্থা ল’বলৈ বিধান সভাৰ অধ্যক্ষক আহ্বান জনায়।
আনহাতে, বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমৰ সন্মুখত বিৰোধী বিধায়কগৰাকীয়ে দাবী কৰিছে যে সদায়েই সস্তম অসম আৰক্ষীয়ে বহিঃ ৰাজ্যৰ পৰা সময়ে সময়ে অপৰাধী গ্ৰেপ্তাৰ কৰিছে; তেনে সময়তে অসমৰ মুখ্যমন্ত্ৰীক কৰা অপমানৰ পিছতো এতিয়ালৈ কিয় তেলেংগানাৰ সেই নিকৃষ্ট অপৰাধীক গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷ অসম আৰক্ষীক suo moto গোচৰ ল’বলৈ বিৰোধী বিধায়কগৰাকীয়ে আহ্বান জনাইছে। তেওঁ কয় যে, মুখ্যমন্ত্ৰীক কৰা অপমান তেওঁ সহজে নলয় ৷ শক্তিশালী অসম আৰক্ষীয়ে বিভিন্ন সময়ত বহি ৰাজ্যৰ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ দৰে মুখ্যমন্ত্ৰীক অপমানিত কৰা দুৰ্বৃত্তক চিনাক্ত কৰি উচিত শাস্তি দিয়াৰ বাবে বিধায়ক কমলাক্ষ দে পুৰুকায়স্থই দাবী কৰিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 30, 2023, 14:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।