গুৱাহাটীত উপস্থিত আৰ জে ডিৰ সভাপতি তেজস্বী যাদৱ, অসমলৈ কিয় আহিছে তেজস্বী?

News18 Assam | News18-Assam
Updated:February 26, 2021, 9:10 PM IST
গুৱাহাটীত উপস্থিত আৰ জে ডিৰ সভাপতি তেজস্বী যাদৱ, অসমলৈ কিয় আহিছে তেজস্বী?
বিমানবন্দৰত দলীয় কৰ্মীৰ লগতে AIUDF আৰু অইন দলৰ কৰ্মীয়ে আদৰণি জনোৱাৰ পিছত তেজস্বী যাদৱ বিমানবন্দৰৰ পৰা পোনে পোনে জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰতলৈ ৰাওনা হয়।

বিমানবন্দৰত দলীয় কৰ্মীৰ লগতে AIUDF আৰু অইন দলৰ কৰ্মীয়ে আদৰণি জনোৱাৰ পিছত তেজস্বী যাদৱ বিমানবন্দৰৰ পৰা পোনে পোনে জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰতলৈ ৰাওনা হয়।

  • Share this:
গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজস্বী যাদৱ। শুকুৰবাৰে বিয়লি বিমানযোগে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দুদিনীয়া কাৰ্যসূচী হাতত লৈ উপস্থিত ৰাষ্টীয় জনতা দলৰ সভাপতি তেজস্বী যাদৱ। বিমানবন্দৰত দলীয় কৰ্মীৰ লগতে AIUDF আৰু অইন দলৰ কৰ্মীয়ে আদৰণি জনোৱাৰ পিছত তেজস্বী যাদৱ বিমানবন্দৰৰ পৰা পোনে পোনে জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰতলৈ ৰাওনা হয়। সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত ৰাষ্টীয় জনতা দলৰ সভাপতিগৰাকীয়ে হোটেল তাজ ভিভাণ্টালৈ ৰাওনা হয়।

নিশা হোটেল তাজত কটাই কাইলৈ দলীয় সভাত মিলিত হ’ব সভাপতিগৰাকী। তাৰ পিছতেই AIUDF, কংগ্ৰেছ আৰু বিজেপি বিৰোধী বিভিন্ন ৰাজনৈতিক দলৰ লগত আলোচনাত মিলিত হ’ব।
Published by: Sanjay Kumar Das
First published: February 26, 2021, 9:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি