• Home
  • »
  • News
  • »
  • assam
  • »
  • পৰিৱেশ সজাগতাৰ বাবে চাইকেল যাত্ৰা কৰা কিশোৰক আক্ৰমণ লক্ষীমপুৰত, আক্ৰমণকাৰীৰ ৰূপত শিক্ষক

পৰিৱেশ সজাগতাৰ বাবে চাইকেল যাত্ৰা কৰা কিশোৰক আক্ৰমণ লক্ষীমপুৰত, আক্ৰমণকাৰীৰ ৰূপত শিক্ষক

পৰিৱেশ প্ৰদূষণৰ প্ৰতি সজাগতা আনিবলৈ ১১খন জিলা ভ্ৰমণৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল বিশ্বনাথৰ পাঁচজন  কিশোৰে ৷

পৰিৱেশ প্ৰদূষণৰ প্ৰতি সজাগতা আনিবলৈ ১১খন জিলা ভ্ৰমণৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল বিশ্বনাথৰ পাঁচজন  কিশোৰে ৷

পৰিৱেশ প্ৰদূষণৰ প্ৰতি সজাগতা আনিবলৈ ১১খন জিলা ভ্ৰমণৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল বিশ্বনাথৰ পাঁচজন  কিশোৰে ৷

  • Share this:

পৰিৱেশ প্ৰদূষণৰ প্ৰতি সজাগতা আনিবলৈ ১১খন জিলা ভ্ৰমণৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল বিশ্বনাথৰ পাঁচজন  কিশোৰে ৷ প্ৰখৰ ৰ’দকো নেওচি ৰাজ্যবাসীক পৰিৱেশ প্ৰদূষণৰ প্ৰতি সজাগ কৰি তোলাৰ উদ্দেশ্য আগত ৰাখি চাইকেল চলাই ৰাজ্যৰ ১১খনকৈ জিলা পৰিভ্ৰমণ কৰিবলৈ আগবঢ়া কিশোৰকেইজন আক্ৰমণৰ সন্মুখীন হৈছে লক্ষীমপুৰ জিলাত।


লক্ষীমপুৰৰ ঢকুৱাখনাৰ বাসুদেৱ থানৰ পৰা ওভতাৰ পথত পথৰ কাষত চাইকেল ৰখাই জিৰণি লৈ থকাৰ সময়তেই কিশোৰকেইজন প্ৰহাৰৰ সন্মুখীন হয়। এজন কিশোৰে চাইকেলখন পথৰ নিচেই  কাষতে ৰখাই থোৱাৰ বাবেই খৰ্গহস্ত হৈ পৰে সত্যনাথ বৰুৱা নামৰ আক্ৰমণ কৰা লোকজন ৷


চৰ–গোৰ মাৰি অপদস্থ কৰা হয় দলটোৰ ধ্ৰপদীপ শইকীয়া নামৰ কিশোৰজনক৷ কিশোৰকেইজনে বাৰে বাৰে কাকূতি কৰে– 'দাদা আমাক নামাৰিব, ভালকৈ বুজাই দিয়ক, বহুত দূৰৰ পৰা আহিছোঁ ৷' কিন্তু কিশোৰকেইজনৰ কথা নুশুনিলে  গাড়ীৰ পৰা ওলাই আহি আক্ৰমণ কৰা লোকজনে ৷


উল্লেখ্য  যে  প্ৰতিদিনে ৮০ৰ পৰা ১০০ কিঃমিঃ পথ অতিক্ৰম কৰাৰ লক্ষ্য কিশোৰকেইজনৰ। বিশ্বনাথ চাৰিআলিৰ লেষ্ট পেডেলৰ নামৰ সংগঠনটোৰ সহযোগত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় সন্মুখৰ পৰা  চাইকেল যাত্ৰা আৰম্ভ কৰিছিল কিশোৰকেইজনে। এই চাইকেল যাত্ৰাৰ দ্বাৰা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে উজনি অসমৰ পৰা প্ৰায় ১১ খন জিলা পৰিভ্ৰমণ  কৰাৰ কথা বিশ্বনাথৰ এই পাঁচ ব্যতিক্ৰমী কিশোৰৰ ৷


কিন্তু যাত্ৰাকালতে সন্মুখীন হয় অভাৱনীয় পৰিস্থিতিৰ। ইফালে এই ঘটনাৰ পিছতেই ঢকুৱাখনা আৰক্ষী থানাত আছুৱে কিশোৰকেইজনৰ হৈ এজাহাৰ দাখিল কৰিছে ৷ এখন সুন্দৰ প্ৰদূষণমুক্ত সমাজ গঢ়াৰ বাণী বিলাই সুদূৰ বিশ্বনাথ চাৰিআলিৰ পৰা গোগামুখ হৈ ঢকুৱাখনাৰ বাসুদেৱ থান পৰিদৰ্শন কৰি ঘূৰি অহা পথতে শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা বিশ্বনাথৰ কিশোৰগৰাকীৰ ভিডিঅ' ভাইৰেল হৈ যোৱা পাছত ঢকুৱাখনা আৰক্ষীয়ে বিশেষ তৎপৰতাৰে অপৰাধী শিক্ষক সত্যনাথ বৰুৱাক আটক কৰিছে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি