মুখ্যপৃষ্ঠা »খবৰ »অসম »নলবাৰীত ঘৃণনীয় কাণ্ড, মোমায়েকৰ কামনাৰ বলি হ’ল কিশোৰ ভাগিন!

নলবাৰীত ঘৃণনীয় কাণ্ড, মোমায়েকৰ কামনাৰ বলি হ’ল কিশোৰ ভাগিন!

প্ৰতীকী ফটো

প্ৰতীকী ফটো

পৰিয়ালবৰ্গই কিশোৰজনৰ বিভিন্ন স্থানত আঘাতৰ চিন দেখাৰ পিছত ১৩ আগষ্টৰ দিনাই নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰে।

  • Share this:
নলবাৰী জিলাত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। লম্পট মোমায়েকৰ কামনাৰ বলি হ’ল এজন কিশোৰ। বিকৃত মানসিকতাৰ এই লোকজন বৰ্তমান ৰঙাঘৰৰ আলহী। লোকজনে তিনিচুকীয়াৰ পৰা অহা কিশোৰ ভাগিনৰ ওপৰত নিৰ্যাতন চলোৱা ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া তিনিচুকীয়া চহৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযুক্ত নলবাৰী চহৰৰ নিবাসী তথা ব্যৱসায়ীজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ইতিমধ্যে নলবাৰী আৰক্ষীয়ে অভিযুক্তক 355 (IPC),R/W-8/12 Posco আইনৰ অধীনত ৪২২/২০ নম্বৰত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷

কিছুদিন পূৰ্বে বিকৃত মানসিকতাৰ লোকজনে নিজৰ ভাগিনীয়েকৰ সৈতে সংঘটিত কৰিছিল এই কু–কাণ্ড। কিন্তু আত্মসন্মান আৰু লজ্জাৰ বাবে কিশোৰজনে শাৰীৰিকভাৱে নিৰ্যাতিত হৈছিল যদিও পৰিয়ালৰ লোকক জনাব পৰা নাছিল। কিন্তু যোৱা ১৩ আগষ্টত কিশোৰজন পিতৃৰ সৈতে তিনিচুকীয়াৰ স্বগৃহ পোৱাৰ পিছত পৰিয়ালৰ লোকে কিশোৰজনৰ দেহত বিভিন্ন ঠাইত আঘাতৰ চিন দেখি সোধা–পোছা কৰে। পৰিয়ালৰ লোকে সোধা–পোছা কৰাত কিশোৰজনে নিৰ্যাতনৰ সকলো ঘটনা বিৱৰি কয়।

পৰিয়ালবৰ্গই কিশোৰজনৰ বিভিন্ন স্থানত আঘাতৰ চিন দেখাৰ পিছত ১৩ আগষ্টৰ দিনাই নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰে। জানিব পৰা অনুসৰি, অভিযুক্ত ৫৮ বছৰীয়া মোমায়েকৰ আছে দুজন পুত্ৰ আৰু এগৰাকী ২২ বছৰীয়া কন্যা। আনহাতে, সচেতন মহলে এনেকুৱা কু–কাণ্ড সংঘটিত কৰা মোমায়েকৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে।

অভিযুক্তৰ বিৰুদ্ধে POCSO ACT (The Protection of Children from Sexual Offences) 2012ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

শিশু অধিকাৰ কৰ্মী তথা গুৱাহাটীস্থ UTSAH Child Rights অৰ্গেনাইজেশ্যনৰ প্ৰতিষ্ঠাপক মিগুৱেল দাস কুইয়াই ভুক্তভোগী কিশোৰজনক ন্যায় প্ৰদানৰ কাৰণে সকলো পদক্ষেপ গ্ৰহণ কৰাৰ কথা জনায়। সততে সংঘটিত এনেধৰণৰ অপৰাধজনিত ঘটনাত উদ্বেগ প্ৰকাশ কৰি তেওঁ কয়,

‘এনে ধৰণৰ অপৰাধ কেৱল অসমতে নহয় সমগ্ৰ দেশতে বৰ্ধিত হাৰত সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। উদ্বেগজনক যে, কেৱল ছোৱালী শিশুৱেই নহয় ল’ৰা শিশুৱেও নিজৰ সৈতে সংঘটিত এনে ধৰণৰ অপৰাধজনিত ঘটনাৰ বিষয়ে জনাবলৈ দ্বিধাবোধ কৰে। এই কাৰণতে দেশত এনে ধৰণৰ অপৰাধ বেছিভাগ সময়তে ৰিপ’ৰ্ট নোহোৱাকৈ থাকি যায়। এই ঘটনাৰ ক্ষেত্ৰতো দেখা গৈছিল যে ১৭বছৰীয়া কিশোৰজনক নিজৰ মোমায়েকে শোষণ কৰিছিল। আমি গম পোৱাৰ  লগে লগে যাৱতীয় সহযোগিতা আগবঢ়াই আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ ব্যৱস্থা লৈছিলো।’

শেহতীয়া বাতৰি