কাকপথাৰত সমনীয়াৰ সৈতে সাঁতুৰিবলৈ গৈ ন-দিহিং নৈত উটি গ’ল কিশোৰ

News18 Assam | News18-Assam
Updated:July 28, 2020, 7:11 PM IST
কাকপথাৰত সমনীয়াৰ সৈতে সাঁতুৰিবলৈ গৈ ন-দিহিং নৈত উটি গ’ল কিশোৰ
বাকী লগৰ কেইজন কথমপি পাৰলৈ উঠে যদিও জাঞ্চো বৰুৱা সন্ধাহীন হৈ পৰে৷

বাকী লগৰ কেইজন কথমপি পাৰলৈ উঠে যদিও জাঞ্চো বৰুৱা সন্ধাহীন হৈ পৰে৷

  • Share this:
তিনিচুকীয়া জিলাৰ কাকপথাৰ ডিৰাকৰ ন-দিহিং নদীত সাঁতুৰিবলৈ গৈ এজন কিশোৰ সন্ধানহীন৷ ডিৰাক আমগুৰিৰ ব্ৰজেন বৰুৱা আৰু দেৱন্তী বৰুৱাৰ সন্তান জান্সো (জীৱন) বৰুৱা নামৰ ১৭ বছৰীয়া কিশোৰজনে পুৱা দহমান বজাত তিনিজন সমনীয়াৰ সৈতে ন-দিহিং নদীখন সাঁতুৰি পাৰ হ’বলৈ চেষ্টা কৰোতে প্ৰবল সোঁতে উটুৱাই লৈ যায়।

বাকী লগৰ কেইজন কথমপি পাৰলৈ উঠে যদিও জাঞ্চো বৰুৱা সন্ধাহীন হৈ পৰে৷ সন্ধানহীন কিশোৰজনক বিচাৰি SDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কিশোৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷
Published by: Sanjay Kumar Das
First published: July 28, 2020, 7:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি