স্বাধীনতা দিৱসৰ দিনা মহানগৰীৰ পাণ্ডুত সংঘটিত হৈছে কৰুণ ঘটনা। পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰত নামি মোবাইলত ভিডিঅ' কৰিবলৈ গৈ নদীৰ সোঁতত উটি যায় এজন কিশোৰ।
কিশোৰজন বৰিপাৰাৰ বিশাল ঘোষ বুলি জানিব পৰা গৈছে। কিশোৰজনে গা ধুবলৈ গৈ পানীত নামি ভিডিঅ' প্ৰস্তুত কৰিছিল। তাৰ পিছত তেওঁ পাৰত ম'বাইলটো থৈ গা ধুবলৈ নামে।
কিন্তু নৈৰ সোঁতত উটি যায় যুৱকজন। সম্প্ৰতি কিশোৰজনক উদ্ধাৰ কৰাৰ বাবে SDRF আৰু নদী আৰক্ষীয়ে অভিযান চলাই আছে।
Published by: Gautam Barman
FIRST PUBLISHED : August 15, 2022, 17:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|