• Home
  • »
  • News
  • »
  • assam
  • »
  • Sonari: সোণাৰিত ৭ মে'ত গা ধুবলৈ গৈ সন্ধানহীন হোৱা কিশোৰৰ মৃতদেহ উদ্ধাৰ

Sonari: সোণাৰিত ৭ মে'ত গা ধুবলৈ গৈ সন্ধানহীন হোৱা কিশোৰৰ মৃতদেহ উদ্ধাৰ

কালি সোণাৰিৰ সমীপৱৰ্তী গুজিবিল অঞ্চলত সঞ্জয় সৰকাৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আজি উদ্ধাৰ হয় আনজনৰ মৃতদেহ

কালি সোণাৰিৰ সমীপৱৰ্তী গুজিবিল অঞ্চলত সঞ্জয় সৰকাৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আজি উদ্ধাৰ হয় আনজনৰ মৃতদেহ

কালি সোণাৰিৰ সমীপৱৰ্তী গুজিবিল অঞ্চলত সঞ্জয় সৰকাৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আজি উদ্ধাৰ হয় আনজনৰ মৃতদেহ

  • Share this:
চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ টাওকাক নদীত যোৱা ৭ মে'ত গা ধুবলৈ গৈ সন্ধানহীন হোৱা দুই কিশোৰৰ এজনৰ মৃতদেহ  উদ্ধাৰ হোৱাৰ পাছত আজি দুপৰীয়া দ্বিতীয়জন কিশোৰৰো মৃতদেহ দিনৰ ভাগত উদ্ধাৰ হয় । সোণাৰি নগৰৰ শান্তিপুৰ অঞ্চলত টাওকাক নৈত উদ্ধাৰ হয় ৰজত দাস নামৰ কিশোৰটিৰ মৃতদেহ (Body Found in river at Sonari)।

যোৱা শনিবাৰে অৰ্থাৎ ৭ মে'ৰ দিনা বিয়লি সোণাৰি নগৰৰ ভৱানীপুৰত টাওকাক নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিছিল সঞ্জয় সৰকাৰ আৰু ৰজত দাস নামৰ কিশোৰ দুটিৰ। ছয় সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল কিশোৰ দুটি। কালি সোণাৰিৰ সমীপৱৰ্তী গুজিবিল অঞ্চলত সঞ্জয় সৰকাৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আজি দিনৰ প্ৰায় ১১ বজাত সোণাৰি (Sonari) নগৰৰ শান্তিপুৰ অঞ্চলত টাওকাক নদীত এটি মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।

পিছত আৰক্ষীয়ে (Sonari Police) ঘটনাস্থলীত উপস্থিত হৈ ৰজত দাস নামৰ কিশোৰটিক চিনাক্ত কৰে। লগে লগে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইপিনে কণমানি দুই কিশোৰ ক্ৰমে ভৱানীপুৰ অঞ্চলৰ নিৱাসী মন্টু দাসৰ পুত্ৰ তথা সোণাৰি ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ৰজত দাস আৰু একে অঞ্চলৰে নিৱাসী দিলীপ চৰকাৰৰ কনিষ্ঠ পুত্ৰ তথা সোণাৰি হাজী অচিমুদ্দিন মেম'ৰিয়েল মিছন স্কুলৰ ছাত্ৰ সঞ্জয় সৰকাৰৰ মৃত্যুত সমগ্র অঞ্চলটোত শোকৰ ছাঁ পৰিছে । 
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি