দেশত নাৰীৰ নিৰাপত্তা, সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে কঠোৰ আইন বলৱৎ কৰা অথবা ধৰ্ষণৰ দৰে অপৰাধৰ শাস্তি কঠোৰ কৰা সত্ত্বেও এটা বিশেষ শ্ৰেণীৰ বাবে নাৰীজনিত অপৰাধ সংঘটিত কৰাটো যেন এক সাধাৰণ ঘটনা।
সেয়া আকৌ এবাৰ প্ৰমাণিত হ’ল শেহতীয়াকৈ কোকৰাঝাৰ জিলাত সংঘটিত আন এক জঘন্য নাবালিকা কিশোৰীক দলবদ্ধ ধৰ্ষণ কাণ্ডত ৷ কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী চকীৰ কোকৰাঝাৰ-ধুবুৰী জিলাৰ সীমান্তৱৰ্তী ঢোলমাৰা অঞ্চলত এক বিশেষ সম্প্ৰদায়ৰ তিনি পাষণ্ডৰ কামনাৰ বলি হ'বলগীয়া হৈছে অসমৰে এক খিলঞ্জীয়া জনগোষ্ঠীৰ নাবালিকা।
জানিব পৰা মতে, কোকৰাঝাৰ-ধুবুৰী জিলাৰ সীমান্তৱৰ্তী ঢোলমাৰা অঞ্চলত কালি সন্ধিয়া সংঘটিত হয় উক্ত ধৰ্ষণৰ ঘটনা। আমাৰ হাতত আহি পৰা তথ্য অনুসৰি, কালি সন্ধিয়া নাবালিকা কিশোৰীগৰাকীয়ে দোকানলৈ বুলি গৈছিল। কিন্তু দোকান গৈ পোৱাৰ আগতেই তিনি পাষণ্ডই নিৰ্জন পথত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি নাবালিকাগৰাকীক বলপূৰ্বক মুখত খোপা দি ওচৰৰ চাহ বাগানলৈ চোঁচৰাই নি দলবদ্ধ ধৰ্ষণ কৰে (Teen gang raped in Kokrajhar)।