ৰহাৰ বাৰপূজীয়া বোকাবিলত সংঘটিত হৈছে এক কৰুণ ঘটনা। বাঢ়নী পানীত উটি গ'ল তিনিটি কিশোৰ। দুজনৰ কথমপি প্ৰাণ ৰক্ষা। এজন সন্ধানহীন। সন্ধানহীন কিশোৰটিৰ নাম ভূপেন বৰদলৈ (১৭)। জানিব পৰা মতে, বাৰপূজীয়া বৰদলৈ চুকৰ ভূপেন বৰদলৈয়ে অৰূপ বৰদলৈ আৰু পৰশমণি নাথ নামৰ দুই বন্ধুসহ দেওবাৰে বোকাবিলৰ পানীত ডুব যোৱা পথেৰে খোজকাঢ়ি গৈ থাকোতে হঠাৎ পিচলি পানীৰ সোঁতত উটি যায়। কিন্তু সৌভাগ্যক্ৰমে অৰূপ আৰু পৰশমণি ৰক্ষা পৰে যদিও সন্ধানহীন হয় ভূপেন। SDRF–এ ভূপেনৰ সন্ধানত অভিযান চলাইছে যদিও অদ্যপি ভূপেনৰ কোনো সন্ধান ওলোৱা নাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 26, 2022, 18:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।