• Home
  • »
  • News
  • »
  • assam
  • »
  • কিহৰ বাবে কলঙত জাপ দিলে ৰণিয়ে? নগাঁৱত পুৱাই হাহাকাৰ

কিহৰ বাবে কলঙত জাপ দিলে ৰণিয়ে? নগাঁৱত পুৱাই হাহাকাৰ

নগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এছডিআৰএফৰ সহযোগত কিশোৰটিক বিচাৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে।

নগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এছডিআৰএফৰ সহযোগত কিশোৰটিক বিচাৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে।

নগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এছডিআৰএফৰ সহযোগত কিশোৰটিক বিচাৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে।

  • Share this:
নগাঁও চহৰৰ আৱৰ্ত ভৱনৰ সমীপৰ আনন্দৰাম ঢেকিয়াল ফুকন সেতুৰ পৰা পুৱাই কলং নৈত জাপ দিলে এটি ১৫ বছৰীয়া কিশোৰে। জানিব পৰা মতে, এগৰাকী ই-ৰিক্সা চালকে পুৱাই এগৰাকী কিশোৰে কলং নৈত জাপ দিয়া দেখি আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে নগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এছডিআৰএফৰ সহযোগত কিশোৰটিক বিচাৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে।

আনহাতে, কিছু সময় পিছতে কিশোৰটোৰ পৰিয়ালৰ লোকো ঘটনাস্থলীত উপস্থিত হয়। জানিব পৰা মতে, কিশোৰটিৰ নাম ৰণি সিং। চহৰখনৰ তেলিয়াপট্টিৰ ৰণি সিং নামৰ কিশোৰটিয়ে পুৱাই ঘৰৰ পৰা ওলাই আহিছিল। কিশোৰটিয়ে এৰি থৈ যোৱা চেণ্ডেল প্ৰত্যক্ষ কৰি চিনাক্ত কৰে পৰিয়ালে।

কিশোৰটিয়ে কলঙত জাপ দিয়াৰ কথা গম পোৱাৰ লগে লগে পৰিয়ালৰ লোক শোকত ভাগি পৰে। বৰ্তমান কিশোৰটিৰ সন্ধানত এছডিআৰএফে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কিশোৰটিক উদ্ধাৰ কৰিব পৰা নাই।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি