ৰঙিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড। ঈদ খোৱা নহ'ল ৰঙিয়াৰ ততাৰকুছিৰ আচাৰ আলীৰ পৰিয়ালৰ। ঈদৰ আগদিনা সন্ধানহীন হৈ থকা ১৪ বছৰীয়া পুত্ৰৰ দুদিন পিছত ওলাল মৃতদেহ। গাঁওখনৰে এটা পৰিত্যক্ত ঘৰত উদ্ধাৰ হল ছহিদুলৰ মৃতদেহ।
পৰিয়ালৰ ভাষ্য, হত্যা কৰি ঘৰটোৰ বাৰাণ্ডাত ওলমাই থৈছে কোনো দুৰ্বৃত্তই। হাত-ভৰিত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ পৰা বুজা যায় এয়া এক হত্যাকাণ্ড। ছহিদুলৰ হত্যাৰ লগত জড়িত বুলি আঙুলি টোঁৱাইছে গাঁওখনৰে এটি পৰিয়াললৈ। এটা মিউজিক বক্স চুৰিক লৈ পৰিয়ালটোৰ দুজন লোকে ছহিদুলক মৃত্যুৰ ভাবুকি দিছিল মঙলবাৰে। সেইদিনাৰ পৰাই ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল ছহিদুল।
বৃহস্পতিবাৰে পৰিত্যক্ত ঘৰটোত ছহিদুলৰ মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোত। শ শ লোক উপস্থিত হয় ঘটনাস্থলীত। ইতিমধ্যে ঘটনাস্থলীত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। স্থানীয় গাঁওবাসীয়েও ছহিদুল ইছলামৰ হত্যাকাৰীক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|