• Home
  • »
  • News
  • »
  • assam
  • »
  • এটি কিশোৰৰ মৃতদেহ উদ্ধাৰক লৈ বোকাখাতত চাঞ্চল্য, মৃতদেহটো নিজৰ সন্তানৰ বুলি দাবী তিনিটা পৰিয়ালৰ

এটি কিশোৰৰ মৃতদেহ উদ্ধাৰক লৈ বোকাখাতত চাঞ্চল্য, মৃতদেহটো নিজৰ সন্তানৰ বুলি দাবী তিনিটা পৰিয়ালৰ

বোকাখাতৰ ধনশ্ৰীমুখৰ মথাউৰিৰ খাণ্টাত এটি কিশোৰৰ মৃতদেহ উদ্ধাৰৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় চাঞ্চল্যৰ৷ মৃত কিশোৰটিক নিজৰ সন্তান বুলি দাবী কৰে তিনিটা পৰিয়ালে৷

বোকাখাতৰ ধনশ্ৰীমুখৰ মথাউৰিৰ খাণ্টাত এটি কিশোৰৰ মৃতদেহ উদ্ধাৰৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় চাঞ্চল্যৰ৷ মৃত কিশোৰটিক নিজৰ সন্তান বুলি দাবী কৰে তিনিটা পৰিয়ালে৷

বোকাখাতৰ ধনশ্ৰীমুখৰ মথাউৰিৰ খাণ্টাত এটি কিশোৰৰ মৃতদেহ উদ্ধাৰৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় চাঞ্চল্যৰ৷ মৃত কিশোৰটিক নিজৰ সন্তান বুলি দাবী কৰে তিনিটা পৰিয়ালে৷

  • Share this:
বোকাখাতৰ ধনশ্ৰীমুখত আজি উদ্ধাৰ হয় এটা কিশোৰৰ মৃতদেহ৷ মৃতদেহটো নিজৰ সন্তানৰ বুলি দাবী কৰে তিনিটা পৰিয়ালে৷ বোকাখাতৰ ধনশ্ৰীমুখৰ মথাউৰিৰ খাণ্টাত এটি কিশোৰৰ মৃতদেহ উদ্ধাৰৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় চাঞ্চল্যৰ৷ মৃত কিশোৰটিক নিজৰ সন্তান বুলি দাবী কৰে তিনিটা পৰিয়ালে৷

প্ৰথমেই যুগলআটি গাঁৱৰ ভজো মুণ্ডাই মৃতদেহটো তেওঁৰ পুত্ৰ কুমুদ মুণ্ডাৰ বুলি দাবী কৰে ধনশ্ৰীমুখৰ গাঁওৰক্ষী বাহিনীৰ সন্মুখত৷ তাৰ পিছতেই যুগলআটি গাঁৱৰেই সদা মুণ্ডা নামৰ লোকজনে মৃতদেহটো তেওঁৰ পুত্ৰৰ বুলি দাবী কৰে আৰু বোকাখাত আৰক্ষীৰ উপস্থিতিত চিনাক্ত কৰি অবিনাশ মুণ্ডা বুলি জানিবলৈ দিয়ে৷ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ সময়তেই যুগলআটি গাঁৱৰ সদা মুণ্ডা নামৰ লোকজন ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো তেওঁৰ পুত্ৰ পংকজ মুণ্ডাৰ বুলি চিনাক্ত কৰে ৷ এইবাৰ ঘটনাস্থলীত উপস্থিত ৰাইজ,আৰক্ষী আৰু সাংবাদিকো বিমোৰত পৰিল৷ মৃত কিশোৰটি আচলতে কোন?

তেনেতে ঘটনাস্থলীত মৃত পংকজৰ মাতৃ উপস্থিত হয় আৰু দৃঢতাৰে মৃতদেহ তেওঁৰ পুত্ৰ পংকজৰেই হয় বুলি দাবী কৰে ৷ তেতিয়া সদা মুণ্ডাই মৃতদেহ ভালকৈ প্ৰত্যক্ষ কৰি তেওঁৰ পুত্ৰ অৱিনাশ নহয় বুলি নিশ্চিত কৰে ৷ তাৰ পূৰ্বেই আন এটা পৰিয়ালেও মৃতদেহ নিজৰ সন্তানৰ বুলি দাবী কৰে৷

বোকাখাত মহকুমা প্ৰশাসনে কোভিডৰ হটস্পট হিচাপে চিনাক্ত কৰা ১৫টা স্থানৰ অন্যতম যুগলআটি গাঁও৷ গাঁওখনৰ পৰা ৩ দিনৰ আগতেই ৩টা কিশোৰ নিৰুদ্দেশ হৈ আছিল আৰু তাৰ মাজত সলিলসমাধি ঘটা পংকজো আছিল ৷ আন দুটা কিশোৰক গাঁওৰক্ষী বাহিনীয়ে আটক কৰি আৰক্ষীক চমজাই দিয়ে ৷ অৰ্থাৎ প্ৰথমেই মৃত বুলি সন্দেহ কৰা অৱিনাশ আৰু কুমুদৰ মৃত্যু হোৱা নাই ৷ দুয়ো সুষ্ঠ অৱস্থাতে আছে ৷
Published by:Sanjay Kumar Das
First published: