• Home
  • »
  • News
  • »
  • assam
  • »
  • হাজোৰ দামপুৰত শোকাৱহ ঘটনা, ভাতৃৰ সৈতে মাছ মাৰিবলৈ গৈ মৃত্যুক সাবটিলে আৰিফে

হাজোৰ দামপুৰত শোকাৱহ ঘটনা, ভাতৃৰ সৈতে মাছ মাৰিবলৈ গৈ মৃত্যুক সাবটিলে আৰিফে

১৭ বছৰীয়া আৰীফ আলীৰ এনে অকাল মৃত্যুৰ পিছত এতিয়া সমগ্ৰ সানপাৰা গ্ৰাণ্টতে পৰিছে শোকৰ ছাঁ।

১৭ বছৰীয়া আৰীফ আলীৰ এনে অকাল মৃত্যুৰ পিছত এতিয়া সমগ্ৰ সানপাৰা গ্ৰাণ্টতে পৰিছে শোকৰ ছাঁ।

১৭ বছৰীয়া আৰীফ আলীৰ এনে অকাল মৃত্যুৰ পিছত এতিয়া সমগ্ৰ সানপাৰা গ্ৰাণ্টতে পৰিছে শোকৰ ছাঁ।

  • Share this:
হাজোৰ দামপুৰ সানপাৰা গ্ৰাণ্ট গাঁৱত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ঘৰৰ ওচৰৰ পুখুৰী এটাত মাছ মাৰিবলৈ গৈ মৃত্যু আৰিফ আলী নামৰ এজন একাদশ শ্ৰেণীৰ ছাত্ৰৰ।

মঙলবাৰে সন্ধিয়াৰ ভাগত আৰিফে আলীয়ে ভাতৃ ৰাজাৰ সৈতে ঘৰৰ ওচৰৰ পুখুৰীটোত মাছ মাৰি আছিল। হঠাৎ আৰিফ সোমাই পৰে এটা দ’ গাঁতত। তাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হয় হাহাকাৰময় পৰিৱেশৰ।

একেলগে মাছলৈ যোৱা জ্যেষ্ঠ ভাতৃ ৰাজা আলীয়ে অৱশেষত স্থানীয় ৰাইজৰ সহযোগত বহু বিচাৰ–খোচাৰ কৰে যদিও কিছু সময় পিছত মৃত অৱস্থাত আৰিফ আলীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ১৭ বছৰীয়া আৰীফ আলীৰ এনে অকাল মৃত্যুৰ পিছত এতিয়া সমগ্ৰ সানপাৰা গ্ৰাণ্টতে পৰিছে শোকৰ ছাঁ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি