• Home
  • »
  • News
  • »
  • assam
  • »
  • Team Humanity Assam: ২৫ হাজাৰ ইউনিট ৰক্তদানেৰে সমাজসেৱা কৰা টীম হিউমিনিটীৰ ষষ্ঠবাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

Team Humanity Assam: ২৫ হাজাৰ ইউনিট ৰক্তদানেৰে সমাজসেৱা কৰা টীম হিউমিনিটীৰ ষষ্ঠবাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

‘দাপোণ-দ্য মীৰ’ৰ’ৰ স্ৰষ্টা টংলাৰ পৱিত্ৰ ৰাভাক প্ৰদান কৰে ‘বিপুল চন্দ্ৰ বৰুৱা বিশিষ্ট সমাজ সেৱকৰ বঁটা’ 

‘দাপোণ-দ্য মীৰ’ৰ’ৰ স্ৰষ্টা টংলাৰ পৱিত্ৰ ৰাভাক প্ৰদান কৰে ‘বিপুল চন্দ্ৰ বৰুৱা বিশিষ্ট সমাজ সেৱকৰ বঁটা’ 

‘দাপোণ-দ্য মীৰ’ৰ’ৰ স্ৰষ্টা টংলাৰ পৱিত্ৰ ৰাভাক প্ৰদান কৰে ‘বিপুল চন্দ্ৰ বৰুৱা বিশিষ্ট সমাজ সেৱকৰ বঁটা’ 

  • Share this:

আর্তজনৰ বাবে নিঃস্বার্থভাৱে সেৱা আগবঢ়াই অহা ‘টিম হিউমেনিটী’ নামৰ ৰক্তদাতা সংস্থাটোৰ ষষ্ঠ বার্ষিক প্ৰতিষ্ঠা দিৱস (6th Annual Foundation Day of Team Humanity) মঙলবাৰে বোকাখাতত অনুষ্ঠিত হয় ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰক্তদান শিবিৰৰ লগতে ৰক্তদাতা সমাৰোহো অনুষ্ঠিত হয় ৷ শদিয়াৰ পৰা ধুবুৰীলৈকে ভাৰতবর্ষৰ বিভিন্ন প্ৰান্তৰ আর্তজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই আহিছে সংগঠনটোৰ সদস্যসকলে৷


সম্প্ৰতি অসমৰ ১৮খন জিলাত এই সংগঠনটোৱে সম্পূর্ণ সক্ৰিয়ভাৱে কাম-কাজ চলাই গৈছে৷ এই পর্যন্ত ৭৪ হাজাৰ ৰক্তদাতাই সংগঠনটোৰ হৈ মুঠ ২৫ হাজাৰ ইউনিট ৰক্ত বিভিন্ন ৰোগাক্ৰান্ত ব্যক্তিলৈ‍ আগবঢ়াই উপকৃত কৰিছে৷ ২০১৫ চনৰ ২৩ নৱেম্বৰত হেমন্ত মহন্তৰ আশাশুধীয়া প্ৰচেষ্টাত জন্মলাভ কৰা সংগঠনটোৱে অসমৰ লগতে ভাৰতত ‘টীম হিউমেনিটী ব্লাড ডনৰ্ছ এণ্ড ছ'চিয়েল এক্টিভিষ্ট ইন ইণ্ডিয়া’ ৰূপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷


ভাৰতৰ বিভিন্ন ৰাজ্যত ‘টিম হিউমেনিটী’ (Team Humanity)ৰ শাখা গঠন কৰি আর্তসকলক সহায়ৰ হাত অগবঢ়াই আহিছে ৷ কাৰ্যৰ্সূচী  অনুসৰি পতাকা উত্তোলন, স্মৃতি তর্পণৰ লগতে  ৰক্তদান শিবিৰ অনুষ্ঠিত হয় ৷ দুপৰীয়াৰ পৰা ৰাজীৱ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক ডাঃ ৰঞ্জন কুমাৰ মহন্ত, লাইফ অৱ এ ড্ৰাইভাৰ’ৰ স্ৰষ্টা ৰূপম দত্ত আৰু সাংবাদিক চক্ৰপাণি পৰাশৰ ৷


মুকলি সভাতেই  ‘বিপুল চন্দ্ৰ বৰুৱা বিশিষ্ট সমাজ সেৱকৰ বঁটা’  ‘দাপোণ-দ্য মীৰ’ৰ’ (DAPON The Mirror) নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ স্ৰষ্টা, বিভিন্ন ৰাষ্ট্ৰীয় বঁটাৰে সন্মানীত টংলাৰ পৱিত্ৰ ৰাভাক প্ৰদান কৰে৷ এই বঁটা আগবঢ়াই আহিছে যোৰহাটৰ বিশিষ্ট সমাজকর্মী প্ৰধান শি‍ক্ষক প্ৰয়াত নিপুল চন্দ্ৰ বৰুৱা ন্যাসৰ হৈ পৰিয়ালবর্গই ৷


‘টিম হিউমেনিটী’ৰ উদীয়মান সমাজসেৱী বঁটা ২০২১  গুৱাহাটীৰ অর্চনা বৰঠাকুৰক প্ৰদান কৰে ৷ এই বঁটা আগবঢ়াইছে ‘বীৰাঙ্গনা’ বিস্মিতা লিখকে ৷ টীম হিউমিনিটি ৰ বাৰ্ষিক মুখপত্ৰ উন্মোচন কৰে ৰূপম দত্তই ৷ বিশিষ্ট ৰক্তদাতা বঁটা গুৱাহাটীৰ বিশেষভাৱে সক্ষম ৰক্তদাতা প্ৰসেনজিৎ দাসক প্ৰদান কৰে ৷ আজিৰ দিনটোত টীম হিউমিনিটিয়ে ৪০ ইউনিট তেজ গোলাঘাটৰ ছহীদ কুশল কোঁৱৰ চিকিৎসালয় কৰ্তৃপক্ষক প্ৰদান কৰে ৷


ইফালে টীম হিউমেনেটীৰ ডিব্ৰুগড় জিলা সমিতিয়ে প্ৰদান কৰা সাধনা বঁটা ২০২১ লাভ কৰে টীম হিউমেনিটিৰ মৰিগাঁও তথা শিৱসাগৰ জিলাই লাভ কৰে ৷ প্ৰবাল দত্তই প্ৰদান কৰা এককালীন সাহায্য বোকাখাত ৰজাবাৰীৰ শিৱানী বৰাক প্ৰদান কৰে ৷


Assam News Today | News in Assamese

Published by:Gautam Barman
First published: