শিক্ষক দিৱসৰ দিনা বঞ্চিত শিক্ষকৰ প্ৰতিবাদেৰে উত্তাল হ'ল মহানগৰীৰ চচলৰ ধৰ্ণাস্থলী। ন্যায্যপ্ৰাপ্যৰ দাবীত চচলত দেওবাৰে সদৌ অসম উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বঞ্চিত সহকাৰী শিক্ষক সন্মিলনীয়ে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰবল প্ৰতিবাদ।
প্ৰখৰ ৰ'দকো নেওচি দিনৰ ১১ বজাৰ পৰা ২ বজালৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা শিক্ষকসকলে যোৱা বিশ, পঁচিছ বছৰ ধৰি বিনাবেতনে শিক্ষাদান কৰি অহাৰ পিছতো শিক্ষকসকলৰ মৰ্মবেদনা উপলব্ধি নকৰাত চাৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।
চৰকাৰৰ চৰম অমনযোগিতাৰ বাবে আজিলৈকে উচ্চ প্ৰাথমিকৰ বিদ্যালয়ৰ সহকাৰী একাংশ শিক্ষকৰ চাকৰি আজিপর্যন্ত নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিবাদস্থলীত উচুপি উঠে বঞ্চিত শিক্ষকসকল। ক্ষুব্ধ প্ৰতিবাদী শিক্ষকসকলৰ চৰকাৰলৈ কাতৰ আহ্বান– চৰকাৰে আমাৰ ন্যায্যপ্ৰাপ্তিৰ ব্যৱস্থা কৰক, নহ'লে আমাক গুলীয়াই মাৰক।
বঞ্চিত প্ৰতিবাদী শিক্ষকসকলে ২০০৫ চনৰ স্বীকৃতিপ্ৰাপ্ত আৰু সদ্য পদ প্ৰাদেশীকিকৰণৰ পৰা বাদ পৰা সহকাৰী শিক্ষকসকলৰ পদসমূহ আইন সংশোধনৰ জৰিয়তে প্ৰাদেশীকিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ জনায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|