দুধনৈৰ বাখ্ৰাখুঁটি থকা ছেইণ্ট পিটাৰ্ছ নেচনেল একাডেমীৰ এজন শিক্ষকৰ লজ্জাজনক কাণ্ড! ছাত্ৰীক WhatsAppত অশালীন মেছেজ আৰু ফটো প্ৰেৰণৰ অভিযোগ এজন শিক্ষকৰ বিৰুদ্ধে। এই ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।
অভিযোগ অনুসৰি, বিদ্যালয়খনৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক WhatsAppত নিশা অশালীন মেছেজ আৰু ফটো প্ৰেৰণ কৰে সৌৰভ ওজা নামৰ উত্তৰ প্ৰদেশৰ শিক্ষকজনে। ইমানেই নহয়, বিনামূলীয়াকৈ টিউচন লোৱাৰ সুযোগো প্ৰদান কৰে ছাত্ৰীগৰাকীক।
অশালীন ইংগিতেৰে ছাত্ৰীগৰাকীক লাইব্ৰেৰীলৈ মাতি পঠিওৱাৰ অভিযোগো উত্থাপিত হৈছে শিক্ষকজনৰ বিৰুদ্ধে। নিশা শিক্ষকজনৰ মেছেজ, ফটো দেখি ছাত্ৰীগৰাকীয়ে সকলো কথা পিতৃ–মাতৃক বিৱৰি কয়। তাৰ পিছতে অভিভাকে স্কুল কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে।
অভিযোগ দিয়াৰ পিছতো বিদ্যালয় কৰ্তৃপক্ষই শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি একাংশ অভিভাৱকে বিদ্যালয়ত উপস্থিত হৈ শিক্ষকজনক বিচাৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতে স্কুল কৰ্তৃপক্ষই শিক্ষকজনক নিলম্বন কৰাৰ কথা কয়।
ইফালে, ছাত্ৰীগৰাকীৰ অভিভাৱকে থানাত শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। এই ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 01, 2023, 22:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|