দেওবাৰে গোসাঁইগাঁৱত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আমছুৰ "ঘৰে ঘৰে শিক্ষা, তেতিয়াহে ৰক্ষা" শীৰ্ষক কাৰ্যসূচী পালন কৰা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় য়ে দুৰ্গম অঞ্চল আৰু চৰ অঞ্চলৰ যাতায়াত ব্যৱস্থা অতি দুখ লগা, ভঙা ছিঙা বাট–পথ। প্ৰাথমিক, মাধ্যমিক স্কুলৰ বাহিৰে উচ্চ শিক্ষাৰ ব্যৱস্থা প্ৰায় নাই। উচ্চ শিক্ষাৰ বাবে ১০-২০ কিলোমিটাৰ অতিক্রমি যাব লাগে। তাতে আকৌ বানপানীৰ সমস্যা। এয়াও শিক্ষা লাভৰ ক্ষেত্ৰত ডাঙৰ হেঙাৰ হৈ থিয় দিছে।
দেওবাৰে মহান শিক্ষক দিৱস উপলক্ষে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত সংখ্যালঘু সম্প্ৰদায়ৰ মাজত শিক্ষাৰ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে "ঘৰে ঘৰে শিক্ষা, তেতিয়াহে ৰক্ষা" শীৰ্ষক কাৰ্যসূচীৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ৫খনকৈ জিলা সমিতিক সাঙুৰি প্ৰথমখন মাণ্ডলিক বৈঠক অনুষ্ঠিত হয়।
সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত শিক্ষক দিৱস উপলক্ষে ৫খন জিলা সমিতিৰ অন্তৰ্গত পাঁচজন কৃতী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত শিক্ষাবিদ আব্দুল হাকিম তৰফদাৰ, কৃষ্ণকান্ত দাস, অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত শিক্ষক, আব্দুল আজিজ খান, ৰহম আলী আদিকে ধৰি কেইবাগৰাকী শিক্ষাবিদ উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|