‘বিজ্ঞান আৰু গণিতক বাদ দি সকলো বিষয় পঢ়িব পাৰিব মাতৃভাষাত, নতুন শিক্ষা নীতিয়ে জীয়াই ৰাখিব মাতৃভাষা’- শিক্ষক দিৱসৰ দিনা এই মন্তব্য শিক্ষামন্ত্ৰীৰ

News18 Assam | News18-Assam
Updated:September 5, 2020, 3:00 PM IST
‘বিজ্ঞান আৰু গণিতক বাদ দি সকলো বিষয় পঢ়িব পাৰিব মাতৃভাষাত, নতুন শিক্ষা নীতিয়ে জীয়াই ৰাখিব মাতৃভাষা’- শিক্ষক দিৱসৰ দিনা এই মন্তব্য শিক্ষামন্ত্ৰীৰ
আজি শিক্ষক দিৱস। আজি সমগ্ৰ দেশে শ্ৰদ্ধা নিবেদন কৰিছে শিক্ষাগুৰুৰ প্ৰতি।

আজি শিক্ষক দিৱস। আজি সমগ্ৰ দেশে শ্ৰদ্ধা নিবেদন কৰিছে শিক্ষাগুৰুৰ প্ৰতি।

  • Share this:
আজি শিক্ষক দিৱস। আজি সমগ্ৰ দেশে শ্ৰদ্ধা নিবেদন কৰিছে শিক্ষাগুৰুৰ প্ৰতি। গুৱাহাটী মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কেন্দ্ৰীয় ভাবে অনুষ্ঠিত কৰা হয় শিক্ষক দিৱসৰ কাৰ্যসূচী। আজিৰ দিনটোতে ৰাজ্যৰ মনোনীত কৃতী শিক্ষকলৈ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,  গুৰু শিষ্যৰ মাজৰ সম্পৰ্কৰ আদৰ্শক জীয়াই ৰাখিব লাগিব। শিক্ষা গুৰুৰ মাজত পৰম ব্ৰহ্মাৰ ছবি দেখো। আদিগুৰু হিচাপে পিতৃৰ ছবি দেখা পাও। ঠিক তেনেদৰে শিক্ষা গুৰুৰ মাজতো ভগৱান পোৱা যায়। প্ৰাচীনকালৰ পৰা গুৰুক সুকীয়া মৰ্যদা প্ৰদান কৰি অহা হৈছে। ভাৰতৰ শিক্ষা ব্যৱস্থাত গুৰু শিষ্যই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।’’

শিক্ষক দিৱসৰ দিনাই নতুন শিক্ষা নীতি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, ’নতুন শিক্ষানীতিৰ কাম পবিত্ৰ শিক্ষক দিৱসৰ দিনাৰ পৰাই আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠ্যক্ৰম ছাত্ৰ-ছাত্ৰীয়ে নতুন শিক্ষানীতিৰ জৰিয়তে একেলগে পঢ়িব পাৰিব। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে ভাষা সাংস্কৃতিয়ে প্ৰাণ পাই উঠিব।’

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, নতুন শিক্ষা নীতিত ৫ বছৰৰ শিক্ষা ব্যৱস্থা থাকিব।বিজ্ঞান,গণিতক বাদ দি সকলো বিষয় মাতৃভাষাত পঢ়িব পাৰিব। অসমৰ কৃষ্টি,সংস্কৃতিয়ে স্থান পাব। ইংৰাজী মাধ্যমৰ বিদ্যালয় হ’লেও দশম মানলৈ অসমীয়া পঢ়িবই লাগিব।অসমীয়া ভাষাক জীয়াই ৰাখিব এই শিক্ষা নীতিয়ে।’
Published by: Himangshu Bhuyan
First published: September 5, 2020, 2:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading