মুখ্যপৃষ্ঠা »খবৰ »অসম »NAGAON : যমুনামুখৰ বিন্নাকান্দি গাঁৱত কবৰ খান্দি উলিয়ালে শিক্ষকৰ মৃতদেহ, উঠিছিল এই গুৰুতৰ অভিযোগ

NAGAON : যমুনামুখৰ বিন্নাকান্দি গাঁৱত কবৰ খান্দি উলিয়ালে শিক্ষকৰ মৃতদেহ, উঠিছিল এই গুৰুতৰ অভিযোগ

এটা অসাধু চক্ৰই ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি প্ৰধান শিক্ষকজনৰ পৰা ধন দাবী কৰিছিল।

এটা অসাধু চক্ৰই ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি প্ৰধান শিক্ষকজনৰ পৰা ধন দাবী কৰিছিল।

এটা অসাধু চক্ৰই ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি প্ৰধান শিক্ষকজনৰ পৰা ধন দাবী কৰিছিল।

  • Share this:
যমুনামুখ বিন্নাকান্দি গাঁৱত কবৰ খান্দি উলিয়ালে শিক্ষকৰ মৃতদেহ। বিন্নাকানান্দি হাই স্কুলৰ প্ৰধান শিক্ষক নিজৰুল ইছলাম লস্কৰৰ মৃতদেহ উদ্ধাৰ আৰক্ষীৰ। বুধবাৰে পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল শিক্ষকজনৰ।

এটা অসাধু চক্ৰই ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি প্ৰধান শিক্ষকজনৰ পৰা ধন দাবী কৰিছিল। ধন নিদিয়াত চক্ৰটোৱে ষড়যন্ত্ৰমূলকভাৱে শিক্ষকজনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছিল।

কেৱল সেয়াই নহয়, ভুৱা ডকাইতিৰ গোচৰো জাপি দিছিল শিক্ষকজনৰ বিৰুদ্ধে। মানসিক চাপ সহিব নোৱাৰি মৃত্যু হোৱাৰ অভিযোগ তুলি পৰিয়ালে গোচৰ তৰাৰ পিছতেই আজি কবৰ খান্দি আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰিক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে ৷

শেহতীয়া বাতৰি