உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিদ্যালয় খুলিছে, ছাত্ৰ–ছাত্ৰীও আহিছে, কিন্তু আজিলৈ ছাৰসকলৰ দেখাদেখি নাই হাইলাকান্দিৰ এইখন বিদ্যালয়ত

    বিদ্যালয় খুলিছে, ছাত্ৰ–ছাত্ৰীও আহিছে, কিন্তু আজিলৈ ছাৰসকলৰ দেখাদেখি নাই হাইলাকান্দিৰ এইখন বিদ্যালয়ত

    বিদ্যালয়খনত শিক্ষকৰ সংখ্যা ৪জন। কিন্তু কোভিড পৰিস্থিতিৰ পিছত প্ৰধান শিক্ষকৰ বাহিৰে আজিলৈকে ছাত্ৰ–ছাত্ৰী বা অভিভাৱকসকলে এদিনৰ বাবেও দেখা নাই বাকী ৩জন শিক্ষকক।

    বিদ্যালয়খনত শিক্ষকৰ সংখ্যা ৪জন। কিন্তু কোভিড পৰিস্থিতিৰ পিছত প্ৰধান শিক্ষকৰ বাহিৰে আজিলৈকে ছাত্ৰ–ছাত্ৰী বা অভিভাৱকসকলে এদিনৰ বাবেও দেখা নাই বাকী ৩জন শিক্ষকক।

    বিদ্যালয়খনত শিক্ষকৰ সংখ্যা ৪জন। কিন্তু কোভিড পৰিস্থিতিৰ পিছত প্ৰধান শিক্ষকৰ বাহিৰে আজিলৈকে ছাত্ৰ–ছাত্ৰী বা অভিভাৱকসকলে এদিনৰ বাবেও দেখা নাই বাকী ৩জন শিক্ষকক।

    • Share this:
    কোৰোণা ভাইৰাছৰ প্ৰকোপৰ ফলত যোৱা প্ৰায় দুটা বছৰ ধৰি বন্ধ আছিল বিদ্যালয়–মহাবিদ্যালয়। যোৱা ২ বছৰ ঘৰতে বহি পাঠদান কৰিছে একাংশ শিক্ষকে। এই দুই বছৰত একাংশ শিক্ষকে অতি কষ্টৰে অনলাইনত ছাত্ৰ–ছাত্ৰীক পাঠদান কৰিলেও আন একাংশই আকৌ এই দুটা বছৰ কেৱল জিৰণি ল’লে।

    এতিয়া বিদ্যালয় খুলিছে। কিন্তু জিৰণি লোৱাটো যেন অভ্যাসত পৰিণত হ’ল একাংশ শিক্ষকৰ। সেয়ে এতিয়াও ঘৰতে বহি আছে তেওঁলোক। হাইলাকান্দি জিলাৰ আলগাপুৰ ৰাজহ চক্ৰৰ পলাৰপাৰ গাঁৱত আছে এনে এখন বিদ্যালয়। নাম ৯৩৭নং কান্দিগ্ৰাম নিম্ন প্ৰাথমিক বিদ্যালয়।

    বিদ্যালয়খনত শিক্ষকৰ সংখ্যা ৪জন। কিন্তু কোভিড পৰিস্থিতিৰ পিছত প্ৰধান শিক্ষকৰ বাহিৰে আজিলৈকে ছাত্ৰ–ছাত্ৰী বা অভিভাৱকসকলে এদিনৰ বাবেও দেখা নাই বাকী ৩জন শিক্ষকক। প্ৰধান শিক্ষকেও কেৱল চৰকাৰী সভা হ’লেহে দৰ্শন পায় আন তিনি শিক্ষকৰ। ইয়াৰ উপৰি প্ৰধান শিক্ষকক নিৰ্বাচন, ভেকচিন আদি কামত চৰকাৰে নিযুক্ত কৰাৰ বাবে প্ৰায়ে দিন বন্ধ থাকে বিদ্যালয়খন।

    অভিভাৱকসকলে ঊৰ্ধ্বতম কৰ্তৃপক্ষক বাৰে বাৰে অৱগত কৰাৰ পিছতো পোৱা নাই কোনো ফলাফল। উপায়ন্তৰ হৈ আজি গঞাই সংবাদ মাধ্যমক মাতি বিদ্যালয়খনৰ এনে দুৰৱস্থাৰ কথা অৱগত কৰে। কণ কণ ছাত্ৰ–ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰা এইসকল শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: