নীলোৎপল বৰা : গুৰু-শিষ্যৰ সম্পৰ্কত কালিমা সানি সমগ্ৰ শিক্ষক সমাজকে লজ্জিত কৰিলে নগাঁও জাজৰিৰ এজন শিক্ষকে। ইমতাজুল আলী নামৰ দগাঁও হাই স্কুলৰ এজন শিক্ষকে ৫ বছৰ পূৰ্বে প্ৰেমৰ চলনাৰে এগৰাকী ছাত্ৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। পাষণ্ড ইমতাজুলে ছাত্ৰীগৰাকীৰ সৈতে অন্তৰংগ মুহূৰ্তৰ বহু অশ্লীল ভিডিঅ’ নিজৰ মোবাইল ফোনৰ কেমেৰাত আৱদ্ধ কৰি ৰাখিছিল।
কিন্তু এবছৰ পূৰ্বে ছাত্ৰীগৰাকী আন এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছতেই এইগৰাকী শিক্ষকে ছাত্ৰীগৰাকীক ব্লেকমেইলিং আৰু ভাবুকিৰে মানসিক হাৰাশাস্তি কৰা আৰম্ভ কৰে। অৱশেষত নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে পাষণ্ড ইমতাজুল ওৰফে সোণবা আলীয়ে এই ভিডিঅ’ বোৰ ভাইৰেল কৰে।
এই ঘটনাৰ পিছতে ছাত্ৰীগৰাকীয়ে নগাঁৱৰ জাজৰি থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ১১৭/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰে। বৰ্তমান জাজৰি আৰক্ষীয়ে ব্লেকমেইলাৰ শিক্ষকজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|