যোৰহাটত CAAৰ বিৰুদ্ধে মাত মাতি চাকৰি হেৰুৱালে শিক্ষয়িত্ৰীয়ে

News18 Assam | News18-Assam
Updated:December 26, 2019, 8:38 AM IST
যোৰহাটত CAAৰ বিৰুদ্ধে মাত মাতি চাকৰি হেৰুৱালে শিক্ষয়িত্ৰীয়ে
বিতৰ্কিত আইনখনৰ বিৰুদ্ধে তিতাবৰৰ জে এন বিৰ একাংশ ছাত্ৰীয়ে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু বিদ্যালয়খনৰ এগৰাকী বহিঃৰাজ্যৰ পৰা অহা শিক্ষকে CAAৰ বিৰুদ্ধে প্ৰতিবাদ কৰা অসমীয়া লোকসকলক অশিক্ষিত বুলি তাচ্ছিল্য কৰে।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বাবেই চাকৰি হেৰুৱাবলগা হ’ল এগৰাকী শিক্ষয়িত্ৰীয়ে। এই ঘটনা সংঘটিত হৈছে তিতাবৰস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত। বিতৰ্কিত আইনখনৰ বিৰুদ্ধে তিতাবৰৰ জে এন বিৰ একাংশ ছাত্ৰীয়ে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু বিদ্যালয়খনৰ এগৰাকী বহিঃৰাজ্যৰ পৰা অহা শিক্ষকে CAAৰ বিৰুদ্ধে প্ৰতিবাদ কৰা অসমীয়া লোকসকলক অশিক্ষিত বুলি তাচ্ছিল্য কৰে।

শিক্ষকগৰাকীৰ এই ব্যৱহাৰক লৈ ছাত্ৰীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু শিক্ষকগৰাকীৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ লগতে ক্ষমা খোজাৰ দাবী তোলে। এইক্ষেত্ৰত প্ৰতিবাদকাৰী ছাত্ৰীসকলৰ সৈতে সহযোগিতা কৰে বিদ্যালয়খনৰ শিক্ষয়িত্ৰী বন্দিতা বৰাই। ইয়াৰ পিছতে CAA বিৰোধী আন্দোলন কৰাৰ অভিযোগত শিক্ষয়িত্ৰীগৰাকীক চাকৰিৰ পৰা অব্যাহতি দিয়ে অধ্যক্ষগৰাকীয়ে।

এই ঘটনাক লৈ ছাত্ৰসমাজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া হয় যদিও বিদ্যালয়খনৰ অধ্যক্ষ মুকেশ কুমাৰে CAAৰ বিষয়ে জ্ঞাত নহয় বুলি উদাসীন মন্তব্য দিয়ে। বিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ এই কাণ্ডৰ বিৰুদ্ধে ছাত্ৰীসকলে বিদ্যালয়ত প্ৰতিবাদো সাব্যস্ত কৰিছে৷ অধ্যক্ষগৰাকীৰ এনে কাণ্ডই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি