স্কুল বন্ধ, দৰমহাও নাই, পথৰ দাঁতিত মাছ বিক্ৰী কৰি পৰিয়াল পোহপাল দিছে এইগৰাকী শিক্ষকে

প্ৰতিদিনে পেঙেৰী ব্ৰহ্মাজান তিনিআলিৰ পথৰ দাঁতিত মাছ- মাংস বিক্ৰী কৰি উঠি অহা যুৱ প্ৰজন্মৰ বাবে এক আদৰ্শ হিচাপে থিয় দিছে অমূল্য গগৈ।
প্ৰতিদিনে পেঙেৰী ব্ৰহ্মাজান তিনিআলিৰ পথৰ দাঁতিত মাছ- মাংস বিক্ৰী কৰি উঠি অহা যুৱ প্ৰজন্মৰ বাবে এক আদৰ্শ হিচাপে থিয় দিছে অমূল্য গগৈ।
- News18 Assam
- Last Updated: July 6, 2020, 6:30 PM IST
শিক্ষক অমূল্য গগৈও ইয়াৰ ব্যতিক্ৰম নহয়। সমগ্র দেশতে লকডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত সকলো ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধ হৈ পৰাত বহুসংখ্যক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক দৰমহা দিব পৰা নাই। শিক্ষক অমূল্য গগৈয়ে পাঠদান কৰা বিদ্যালয়খনৰো একেই অৱস্থা।
সেয়েহে অমূল্য গগৈয়ে আৰ্থিক অনাটনৰ বাবে যাতে পৰিয়ালটো সংকটত নপৰে তাৰ বাবে বাছি লৈছে অন্য এক পথ। প্ৰতিদিনে পেঙেৰী ব্ৰহ্মাজান তিনিআলিৰ পথৰ দাঁতিত মাছ- মাংস বিক্ৰী কৰি উঠি অহা যুৱ প্ৰজন্মৰ বাবে এক আদৰ্শ হিচাপে থিয় দিছে অমূল্য গগৈ।প্ৰতিদিনে পুৱাই ঘৰৰ পৰা আহি ব্ৰহ্মাজান তিনিআলিৰ সমীপত থকা নিৰ্দিষ্ট ঠাইডোখৰত মাছ-মাংস বিক্ৰী আৰম্ভ কৰে জীৱন সংগ্ৰাম।