உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • প্ৰতিবাদস্থলীত হুকহুকাই কান্দি উঠিল চাকৰিৰ পৰা বঞ্চিত শিক্ষকে, এইসকল শিক্ষকৰ মৰ্মবেদনা শুনিবনে চৰকাৰে?

    প্ৰতিবাদস্থলীত হুকহুকাই কান্দি উঠিল চাকৰিৰ পৰা বঞ্চিত শিক্ষকে, এইসকল শিক্ষকৰ মৰ্মবেদনা শুনিবনে চৰকাৰে?

    দক্ষিণ কামৰূপৰ সোণতলীত আজি প্ৰতিবাদ সাব্যস্ত কৰে বঞ্চিত শিক্ষকসকলে৷ প্ৰতিবাদস্থলীত হুকহুকাই কান্দি উঠিল চাকৰিৰ পৰা বঞ্চিত শিক্ষকে৷

    দক্ষিণ কামৰূপৰ সোণতলীত আজি প্ৰতিবাদ সাব্যস্ত কৰে বঞ্চিত শিক্ষকসকলে৷ প্ৰতিবাদস্থলীত হুকহুকাই কান্দি উঠিল চাকৰিৰ পৰা বঞ্চিত শিক্ষকে৷

    দক্ষিণ কামৰূপৰ সোণতলীত আজি প্ৰতিবাদ সাব্যস্ত কৰে বঞ্চিত শিক্ষকসকলে৷ প্ৰতিবাদস্থলীত হুকহুকাই কান্দি উঠিল চাকৰিৰ পৰা বঞ্চিত শিক্ষকে৷

    • Share this:
    ‘‘আমাৰ জীৱন–যৌৱন ঘূৰাই দিয়ক৷ আমাক আন্দোলন কৰিবলৈ বাধ্য নকৰাব৷’’ – এয়া একাংশ বঞ্চিত শিক্ষকৰ মৰ্মবেদনা। দক্ষিণ কামৰূপৰ সোণতলীত আজি প্ৰতিবাদ সাব্যস্ত কৰে বঞ্চিত শিক্ষকসকলে৷ প্ৰতিবাদস্থলীত হুকহুকাই কান্দি উঠিল চাকৰিৰ পৰা বঞ্চিত শিক্ষকে৷

    বিনা বেতনে ২০-৩০ বছৰে শিক্ষকতা কৰা শিক্ষক নামিল প্ৰতিবাদত৷ পেটত গামোচা বান্ধি নিজৰ ল’ৰা-ছোৱালীৰ সপোনকো পূৰণ কৰিব নোৱাৰা শিক্ষক-শিক্ষয়িত্ৰীয়ে হাতে হাতে প্লে কাৰ্ডলৈ বহিল প্ৰতিবাদত৷

    সোণতলীৰ মাহতলী ছোৱালী এম ই স্কুল প্ৰাংগণত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে হিন্দী, আৰবিক আৰু একাংশ বঞ্চিত সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীয়ে৷ চাকৰিৰ পৰা বঞ্চিত শিক্ষকসকলে নিযুক্তি পোৱাৰ আশা কৰি ৰাজ্যৰ শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে৷

    উল্লেখযোগ্য যে কামৰূপৰ জিলাৰ এইসকল বঞ্চিত ভেঞ্চাৰ শিক্ষকে চলিত বাজেট অধিৱেশনতে তেওঁলোকৰ শিক্ষকৰ পদ প্ৰাদেশীকৰণ কৰিবলৈ অনুৰোধ জনাইছে৷
    যোৱা ৫ ফেব্ৰুৱাৰীত গুৱাহাটী সৰুসজাই খেলপথাৰত তেতিয়াৰ  শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৯,৭০১ জনকৈ শিক্ষকক নিযুক্তি প্ৰদান কৰিছিল যদিও বহুসংখ্যক শিক্ষক বাদ পৰাত বঞ্চিত শিক্ষকসকলে ক্ষোভ প্ৰকাশ কৰি কান্দোনত ভাগি পৰে৷
    Published by:Sanjay Kumar Das
    First published: