প্ৰতিবাদী শিক্ষকসকলে হাতে হাতে বেনাৰ–ফেষ্টুন আদি লৈ আমাৰ দাবী মানি লওক, ৰাষ্ট্ৰ ভাষাক সন্মান দিয়ক, আমাক জীয়াই থাকিবলৈ দিয়ক, হিন্দী শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰক আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী শিক্ষকসকলে হাতে হাতে বেনাৰ–ফেষ্টুন আদি লৈ আমাৰ দাবী মানি লওক, ৰাষ্ট্ৰ ভাষাক সন্মান দিয়ক, আমাক জীয়াই থাকিবলৈ দিয়ক, হিন্দী শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰক আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
চচলৰ প্ৰতিবাদস্থলীত শিক্ষা গুৰুৰ কান্দোনৰ ৰোল। প্ৰতিবাদস্থলীত বহি কান্দি কান্দি ঢলি পৰিল শিক্ষকসকল। প্ৰাপ্য অধিকাৰৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন কৰি অহা শিক্ষকসকলে চকুলো টুকি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক জনালে কাতৰ আহ্বান। সদৌ অসম যোগ্য স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী হিন্দী শিক্ষক সন্থাৰ উদ্যোগত মহানগৰীৰ চচলস্থিত ধৰ্ণাস্থলীত মঙলবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।
প্ৰতিবাদী শিক্ষকসকলে হাতে হাতে বেনাৰ–ফেষ্টুন আদি লৈ আমাৰ দাবী মানি লওক, ৰাষ্ট্ৰ ভাষাক সন্মান দিয়ক, আমাক জীয়াই থাকিবলৈ দিয়ক, হিন্দী শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰক আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে ৫ ফেব্ৰুৱাৰীত অসম চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ পদসমূহ প্ৰাদেশিকীকৰণ কৰিলে। কিন্তু এখন উচ্চ প্ৰাথমিক বিদ্যালয়ত ৫–১ বা ৬–১ ষ্টাফ পেটাৰ্ণৰ পৰিৱৰ্তে বিদ্যালয়ৰ প্ৰধান আৰু আমোলা–বিষয়াৰ সহযোগত পূৰ্বৰ আইন ভংগ কৰি ৰসহ্যজনকভাৱে এখন আইন আনি উচ্চ প্ৰাথমিক শিক্ষকৰ ওপৰত জাপি দিয়া বিদ্যালয়ৰ একাংশ শিক্ষকক প্ৰদেশিকীকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে। বিদ্যালয়ৰ প্ৰতিষ্ঠা দিনৰে পৰা কৰ্মৰত সম্পূৰ্ণ যোগ্যতা থকা সত্ত্বেও বিদ্যালয়ৰ হিন্দী শিক্ষকৰ পদ প্ৰদেশিকীকৰণ নকৰি চৰকাৰে শিক্ষকৰ লগতে ৰাষ্ট্ৰভাষাক অপমান কৰিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদী শিক্ষকসকলে।
অহা ২০ ফেব্ৰুৱাৰীৰ আগতে উচ্চ প্ৰাথমিক বিদ্যালয়ত হিন্দী শিক্ষকসকলৰ পদ প্ৰদেশিকীকৰণ কৰি নিযুক্তি দিবলৈ দাবী জনায় চৰকাৰলৈ। অন্যথা ৫ ছেপ্টেম্বৰ যেনেকৈ শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেনেকৈ ৫ ফেব্ৰুৱাৰী তাৰিখতো অসমৰ হিন্দী শিক্ষক সকলৰ ধ্বংস দিৱস হ’ব বুলি মন্তব্য কৰে শিক্ষকসকলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|