உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হত্যা নে আন কাৰণ! শিক্ষয়িত্ৰীৰ মৃত্যুক লৈ মঙলদৈত চাঞ্চল্য, কেনেকৈ মৃত্যু হ’ল সুস্মিতাৰ?

    হত্যা নে আন কাৰণ! শিক্ষয়িত্ৰীৰ মৃত্যুক লৈ মঙলদৈত চাঞ্চল্য, কেনেকৈ মৃত্যু হ’ল সুস্মিতাৰ?

    সুস্মিতাৰ পিতৃয়ে মঙলদৈ সদৰ থানাত এখন এজাহাৰ দাখিল কৰি কন্যাৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী কৰিছে।

    সুস্মিতাৰ পিতৃয়ে মঙলদৈ সদৰ থানাত এখন এজাহাৰ দাখিল কৰি কন্যাৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী কৰিছে।

    সুস্মিতাৰ পিতৃয়ে মঙলদৈ সদৰ থানাত এখন এজাহাৰ দাখিল কৰি কন্যাৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী কৰিছে।

    • Share this:
    মঙলদৈৰ নিকটৱৰ্তী হাউলি মোহনপুৰৰ এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। হাউলি মোহনপুৰৰ অসৱৰপ্ৰাপ্ত শিক্ষক কুশল মেধিৰ বোৱাৰী তথা জ্যোতিৰ্ময় মেধিৰ পত্নী ডাহী কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী সুস্মিতা ডেকাৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। স্বামীৰ পৰিয়ালে আৰক্ষীক জানিবলৈ দিয়া মতে, দেওবাৰে শিক্ষক দিৱসৰ দিনা পুৱা ঘৰত কাম কৰি থকাৰ সময়তে ঢলি পৰে সুস্মিতা। লগে লগে পৰিয়ালৰ লোকে বোৱাৰীগৰাকীক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়ত চিকিৎসকে মৃত ঘোষণা কৰে  সুস্মিতা ডেকাক।

    এই খবৰ লাভ কৰাৰ ললে লাগে বোৱাৰীগৰাকীৰ পৰিয়াল উপস্থিত হয় চিকিৎসালয়ত আৰু উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে। সুস্মিতাৰ পিতৃ ডাহী কেওটপাৰাৰ গজেন ডেকা আৰু পৰিয়ালৰ লোকে এই মৃত্যুৰ আঁৰত ৰহস্য লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰিছে। কিয়নো সুস্মিতাৰ বিয়াৰ পিছৰে পৰা শহুৰেক কুশল মেধিয়ে বিভিন্ন মানসিক নিৰ্যাতন চলাই আহিছিল বুলিও অভিযোগ উত্থাপিত কৰে।

    ইতিমধ্যে সুস্মিতাৰ পিতৃয়ে মঙলদৈ সদৰ থানাত এখন এজাহাৰ দাখিল কৰি কন্যাৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী কৰিছে। মঙলদৈ আৰক্ষীয়ে ইতিমধ্যে পিতা–পুত্ৰক সোধাপোছাৰ বাবে আৰক্ষী থানালৈ লৈ আহে। হাউলি মোহনপুৰৰ বোৱাৰী সুস্মিতা ডেকাক শহুৰেক কুশল মেধিয়ে নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ তুলি সোমাবাৰে মঙলদৈ থানা আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয় উত্তাল কৰে সুস্মিতা ডেকাৰ পৰিয়াল তথা গাঁৱৰ ৰাইজে।

    উল্লেখযোগ্য যে মঙলদৈ থানাৰ ডাহী নিবাসী গজেন ডেকাৰ একমাত্ৰ কন্যা সুস্মিতাৰ কিছু বছৰ পূৰ্বে হাউলি মোহনপুৰৰ কুশল মেধিৰ পুত্ৰ জ্যোতিৰ্ময় মেধিৰ লগত বিবাহপাশত আবদ্ধ হৈছিল।

    মঙলদৈ অসামৰিক চিকিৎসালয়ত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সমাপ্ত হৈছে যদিও ৰিপ’ৰ্ট এতিয়ালৈ প্ৰকাশ পোৱা নাই। সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাই দৰঙৰ আৰক্ষী অধীক্ষক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে দৰং আছুই। আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ ফলাফল কি হয় তাৰ পিছতহে স্পষ্ট হ’ব এয়া হত্যা নে আন কাৰণত মৃত্যু।
    Published by:Sanjay Kumar Das
    First published: