কোকৰাঝাৰ চহৰৰ বডোফা শিশু উদ্যানত কুমগুৰি তিনকোণা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বেৰলাও বেৰথাউ ব্ৰহ্মৰ হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীত শনিবাৰে এবছুৰ উদ্যোগত প্ৰতিবাদী অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (ABSU Protest)। পুৱা এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ সংগঠনটোৱে অতি শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ত কৰি দৃষ্টান্তমুলক শাস্তি প্ৰদান কৰাৰ দাবীৰে হাতে হাতে বেনাৰ,ফেষ্টুন,প্লেকাৰ্ড আদি প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
সংবাদ মাধ্যমৰ আগত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ নেতৃত্ব বহন কৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত শান্তিৰ পৰিৱেশ বিৰাজ কৰা বিটিআৰ অঞ্চল পুনৰ অশান্ত কৰিবৰ বাবে কোনো দুষ্ট চক্ৰৰ ষড়যন্ত্ৰ থাকিব পাৰে বুলি প্ৰকাশ কৰে৷ এবছুৱে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ তিনিদফীয়া দাবীসম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা বুলি জানিবলৈ দি তেওঁ লগতে আজি পৰ্যন্ত শিক্ষকগৰাকীৰ হত্যাকান্ডৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) আৰু অসম আৰক্ষীৰ ভূমিকা হতাশজনক বুলি প্ৰকাশ কৰি শীঘ্ৰে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে৷
ছাত্ৰ নেতা গৰাকীয়ে কয় যে কোকৰাঝাৰত এগৰাকী শিক্ষকক নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ ৪৮ ঘন্টা পাৰ হৈ গ’ল ৷ অথচ বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰী অথবা ৰাজ্যৰ আৰক্ষী বিভাগৰ (Assam Police) তৰফৰ পৰা কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা পৰিলক্ষিত নহ’ল ৷ এয়া অত্যন্ত দুৰ্ভাগ্যজনক৷
উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ (Kokrajhar Murder Case) ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত কুমগুৰি (তিনকোণা) প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বেৰলাও বেৰথাও ব্ৰহ্ম ৯ মাৰ্চৰ সন্ধিয়া প্ৰায় সাত মান বজাৰ পৰা নিখোজ হৈ আছিল আৰু ১০ মাৰ্চৰ সন্ধিয়া মাগুৰমাৰি-ফকিৰাগ্ৰাম সংলগ্ন শালবাৰীত জংঘলেৰে আবৃত পাহাৰত মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল (Teacher murdered)৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|