
এগৰাকী দুগৰাকী নহয় তিনিগৰাকীকৈ ছাত্ৰীক যৌন নিৰ্যাতন চলাই এতিয়া ৰঙা ঘৰৰ আলহী দুলীয়াজানৰ এগৰাকী প্ৰধান শিক্ষক
এগৰাকী দুগৰাকী নহয় তিনিগৰাকীকৈ ছাত্ৰীক যৌন নিৰ্যাতন চলাই এতিয়া ৰঙা ঘৰৰ আলহী দুলীয়াজানৰ এগৰাকী প্ৰধান শিক্ষক
গুৰু শিষ্যৰ সম্পৰ্কত দাগ লগালে দুলীয়াজানৰ ভাদৈ অঞ্চলৰ এজন লম্পট শিক্ষকে। দুলীয়াজান ভাদৈ পাঁচআলিৰ বৰপথাৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক ফটিক সোনোৱালৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ। নিজ বিদ্যালয়ৰ তিনিগৰাকীকৈ ছাত্ৰীক যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী হ’ল প্ৰধান শিক্ষক গৰাকী। ভুক্তভোগী ছাত্ৰীকেইগৰাকীৰ অভিভাৱকে দিয়া অভিযোগৰ ভিত্তিত দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ফটিক সোনোৱাল নামৰ লম্পট শিক্ষক জনক।
ইতিমধ্যে আৰক্ষীয়ে ২২১/২০১৯ নম্বৰ ধাৰাত এক গোচৰ ৰুজু কৰি ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ইফালে প্ৰধান শিক্ষকগৰাকীৰ এনে ঘৃণনীয় কাণ্ডই এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। ঘটনা সন্দৰ্ভত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ভাদৈ-বকুলনী আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে অভিযুক্ত প্ৰধান শিক্ষক ফটিক সোণোৱালক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|