নগাঁও চহৰৰ সমীপৱৰ্তী বেলতলীত দেওবাৰে নিশা সংঘটিত এক হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বেলতলীৰ ৰৌমাৰীৰ শিক্ষক তথা বিশিষ্ট ব্যৱসায়ী মজিবুৰ ৰহমানক দেওবাৰে নিশা ঘৰলৈ উভতি অহাৰ পথতে দুৰ্বৃত্তই দাৰে ঘপিয়াই গুৰুত্বৰভাৱে আহত কৰে।
দুৰ্বৃত্তই ডিঙি, মূৰ আৰু পিঠিত ঘপিওৱাৰ ফলত গুৰুত্বৰভাৱে আহত হোৱা মজিবুৰক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে তেঁওক মৃত ঘোষণা কৰে।
ইয়াৰ পিছতে বেলতলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখযোগ্য যে, SN নামৰ ইটাভাটাৰো স্বত্বাধিকাৰী আছিল মজিবুৰ ৰহমান।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|