নগাঁৱৰ চামগুৰিৰ বৰমাত ক'ভিড প্ৰট'কল অমান্য কৰি ছাত্ৰ-ছাত্ৰীক লৈ পাঠদান কৰি থকা এজন শিক্ষক বিচনা তলত সোমাই আত্মগোপন কৰা এক ঘটনা সংঘটিত হৈছে ৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত পাঠদান চলি থকাৰ খবৰ লাভ কৰি সংবাদ কৰ্মীৰ এটি দল বৰমাৰ বিদ্যালয়খনত উপস্থিত হোৱাৰ পিছত শিক্ষকগৰাকীয়ে বিচনাৰ তলত সোমাই আত্মগোপন কৰে ৷
ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ শিক্ষকে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক মতোৱাই আনি পাঠদান কৰি আছিল ৷ শ্ৰেণী কোঠাত পাঠদান কৰি থকাৰ সময়তে সংবাদকৰ্মী উপস্থিত হোৱাত শিক্ষকজনে ছাত্ৰ-ছাত্ৰী সকলক কোঠাৰ পৰা বাহিৰলৈ দৌৰি যাবলৈ দিয়ে ৷ পিছত শিক্ষকজনে শ্ৰেণী কোঠাৰ পৰা ওলাই কাষৰ কোঠা এটাত প্ৰবেশ কৰে ৷ লগতে কোঠাটোত থকা এখন বিচনাৰ তলত সোমাই আত্মগোপন কৰে ৷