শিক্ষকৰ সহায়তে চলে নকল! ধুবুৰীত উচ্চতৰ মাধ্যমিক পৰীক্ষাত নকলৰ ৰমৰমীয়া বেহা

News18 Assam | News18-Assam
Updated:February 20, 2020, 12:49 PM IST
শিক্ষকৰ সহায়তে চলে নকল! ধুবুৰীত উচ্চতৰ মাধ্যমিক পৰীক্ষাত নকলৰ ৰমৰমীয়া বেহা
পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাল বস্তাই বস্তাই নকল ,প্ৰৱক্তা আটক।

পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাল বস্তাই বস্তাই নকল ,প্ৰৱক্তা আটক।

  • News18 Assam
  • Last Updated: February 20, 2020, 12:49 PM IST
  • Share this:
শিক্ষকৰ  সহায়ত চলিছে পৰীক্ষা কেন্দ্ৰত অবাধ হাৰত নকল। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰথম দিনটোতে এই চাঞ্চলকৰ তথ্য পোহৰলৈ আহিছে ধুবুৰী জিলাৰ গৌৰীপুৰৰ পাৰ্শ্বৱৰ্তী ৰঙামাটি জুনিয়ৰ কলেজত।
এই ঘটনা পোহৰলৈ অহাৰ পিছত জিলা উপায়ুক্তৰ নিৰ্দেশত  ৰঙামাটি কলেজত অভিযান চলাই আঠগৰাকী পৰীক্ষাৰ্থীক অসৎ উপায় অৱলম্বনৰ বাবে বহিষ্কাৰ কৰা হয় পৰীক্ষা কেন্দ্ৰৰ পৰা। পৰীক্ষা কেন্দ্ৰটোৰ পৰা বৃহৎ পৰিমাণৰ নকলৰ লগতে বহী, মোবাইল ফোন আদিও উদ্ধাৰ হয়। কৰ্তব্যত অৱহেলা কৰাৰ বাবে পৰীক্ষাৰ এ ও চি ক নিলম্বন কৰে দণ্ডাধীশে। নিলম্বন হোৱা পৰীক্ষাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা  প্ৰৱক্তা জনৰ নাম সাহজামাল সেখ।পিছত প্ৰশাসনে প্ৰৱক্তা জনক অধিক সোধাপোচাৰ বাবে গৌৰীপুৰ থানালৈ লৈ যোৱা হয়।
আনহাতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰথম দিনটোতে ধুবুৰীৰ বিলাসীপাৰা মহকুমাত অসৎ উপায় অৱলম্বন কৰি বহিষ্কৃত হয় ১৭ গৰাকী পৰীক্ষাৰ্থী।

চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ৬ গৰাকী আৰু শালকোছা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ১১ গৰাকী। চাপৰ ৰাজহ চক্ৰ বিষয়া নৱজিৎ পাঠকে বহিষ্কাৰ কৰে পৰীক্ষাৰ্থী সকলক ।
First published: February 12, 2020, 8:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading