বাইহাটা চাৰিআলিত প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা বাহনৰ চেপাত শিক্ষকৰ মৃত্যু

নিহত লোকজনৰ নাম তিলক ডেকা। তিলক ডেকাৰ ঘৰ মহিপালকুছি গাঁৱত।

News18-Assam
Updated:October 9, 2019, 11:59 AM IST
বাইহাটা চাৰিআলিত প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা বাহনৰ চেপাত শিক্ষকৰ মৃত্যু
নিহত লোকজনৰ নাম তিলক ডেকা। তিলক ডেকাৰ ঘৰ মহিপালকুছি গাঁৱত।
News18-Assam
Updated: October 9, 2019, 11:59 AM IST
বিজয়া দশমীৰ দিনাই বাইহাটা চাৰিআলিৰ বালিকুছিত শোকাৱহ দুৰ্ঘটনা। দুৰ্গা প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা বাহনৰ চেপাত নিহত হয় এজন শিক্ষক। নিহত লোকজনৰ নাম তিলক ডেকা। তিলক ডেকাৰ ঘৰ মহিপালকুছি গাঁৱত। নিহত তিলক ডেকা হাচিৰাম কাকতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আছিল। প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা বাহনৰ পৰা পৰি চকাৰ তলত সোমাই যোৱাৰ ফলত থিতাতে নিহত হয় লোকজন। লোকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি