সত্ৰৰ কণ কণ বৈষ্ণৱৰ চুলি খুৰাই নিৰ্মম অত্যাচাৰ প্ৰধান শিক্ষকৰ

বৈষ্ণৱ ভকতসকলে চুলি দীঘলকৈ ৰখাতো সত্ৰৰ এক ধৰ্মীয় পৰম্পৰা। কিন্তু পুৰণি পৰম্পৰাক উপলুঙা কৰি প্ৰধান শিক্ষকগৰাকীয়ে বলপূৰ্বকভাৱে খুৰাই দিলে কণ কণ বৈষ্ণৱৰ চুলি।

Dulu Medhi | news18assam
Updated:April 27, 2019, 7:49 PM IST
সত্ৰৰ কণ কণ বৈষ্ণৱৰ চুলি খুৰাই নিৰ্মম অত্যাচাৰ প্ৰধান শিক্ষকৰ
সত্ৰ নগৰী মাজুলীত প্ৰধান শিক্ষকৰ বৰ্বৰতা
Dulu Medhi | news18assam
Updated: April 27, 2019, 7:49 PM IST
সত্ৰ নগৰী মাজুলীত প্ৰধান শিক্ষকৰ বৰ্বৰতা। সত্ৰৰ কণ কণ বৈষ্ণৱৰ চুলি খুৰাই নিৰ্মম অত্যাচাৰ চলালে প্ৰশান্ত দোলকাষৰীয়া নামৰ প্ৰধান শিক্ষকজনে। মাজুলীৰ আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে নাভূত নাশ্ৰুত ঘটনা। মাজুলীৰ সত্ৰৰ ঐতিহাসিক পৰম্পৰাক নিমিষতে ভৰিৰে মোহাৰি পেলালে এইগৰাকী প্ৰধান শিক্ষকে। বৈষ্ণৱ ভকতসকলে চুলি দীঘলকৈ ৰখাতো সত্ৰৰ এক ধৰ্মীয় পৰম্পৰা। কিন্তু পুৰণি পৰম্পৰাক উপলুঙা কৰি প্ৰধান শিক্ষকগৰাকীয়ে বলপূৰ্বকভাৱে খুৰাই দিলে কণ কণ বৈষ্ণৱৰ চুলি। প্ৰধান শিক্ষকৰ এনে কাণ্ডত ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী। কণ কণ বৈষ্ণৱৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগত প্ৰধানশিক্ষকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে স্থানীয় ৰাইজে। লগতে প্ৰধান শিক্ষক প্ৰশান্ত দোলকাষৰীয়াক মাজুলীৰ পৰা বদলি কৰাৰ দাবী উত্থাপন কৰে ক্ষুব্ধ স্থানীয় জনতাই।
চাওক এই ভিডিঅ’
আৰু চাওক পৰৱৰ্তী বাতৰি