ৰঙিয়াৰ চাৰ্ছ পাব্লিক স্কুলত অঘটন। বিদ্যালয়ৰ ভিতৰতে শিক্ষকে কৰিলে আত্মহত্যা। বিদ্যালয়খনৰ পৰীক্ষা গৃহৰ ভিতৰত চিপ লৈ আত্মহত্যা কৰে শিক্ষক নৱ ডেকাই (৩০)। শনিবাৰে পুৱা কমলপুৰ সমষ্টিৰ অন্তৰ্গত বেজেৰাৰ নৱ ডেকাই বিদ্যালয়ত প্ৰৱেশ কৰি পৰীক্ষা গৃহৰ ভিতৰত সোমাই এই কাৰ্য সংঘটিত কৰে। পৰীক্ষা গৃহৰ দুৱাৰ বন্ধ কৰি ফেনত চিপ লৈ গণিত আৰু কম্পিউটাৰ বিষয়ৰ শিক্ষক নৱ ডেকাই। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত তৎমুহূৰ্ততে স্কুলখনৰ লগতে অঞ্চলটোত হুৱাদুৱা লাগে।
বৰ্তমানলৈকে আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও একাংশৰ সন্দেহ আৰ্থিক সংকটত ভুগি আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি লৈছে নৱ ডেকাই। কোভিড-১৯ৰ বাবে দীৰ্ঘদিনৰ পৰা আৰ্থিক সংকটত ভুগি আছিল ব্যক্তিগত বিদ্যালয় চাৰ্ছ পাব্লিক স্কুলৰ শিক্ষক নৱ ডেকাই। ফলত নৱ ডেকাই আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল'বলৈ বাধ্য হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।