শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত সানিলে কলংক! চৰাইদেউ জিলাত সংঘটিত হৈছে জঘন্য ঘটনা। নৱম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰত সোমাল টিউটন মাষ্টৰ। এই ঘটনাই এতিয়া সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লম্পট টিউচন চাৰৰ নাম গকুল বৰুৱা বুলি জানিব পৰা গৈছে।
টিউচন আৰম্ভ কৰাৰ দিন ধৰি গকুল বৰুৱাই বিভিন্ন অশ্লীল ইংগিত প্ৰদান কৰাৰ লগতে যৌন নিৰ্যাতন চলাই আহিছিল ছাত্ৰীগৰাকীক। পিছত ছাত্ৰীগৰাকীয়ে শিক্ষকজনৰ কু-কৰ্ম উদঙাই দিয়াত অভিভাৱকে স্থানীয় আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে লম্পট শিক্ষকজনক।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 13, 2020, 17:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।