உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • HSLC Exam: মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ প্ৰস্ৰাৱগাৰৰ পৰা আটক শিক্ষক, কিয় আছিল লুকাই

    HSLC Exam: মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ প্ৰস্ৰাৱগাৰৰ পৰা আটক শিক্ষক, কিয় আছিল লুকাই

    আৰক্ষীয়ে নকল যোগান ধৰা শিক্ষকজনক বিচাৰি পৰীক্ষা কেন্দ্ৰত অভিযান চলোৱাৰ সময়ত প্ৰস্ৰাৱগাৰৰ ভিতৰত আত্মগোপন কৰি আছিল শিক্ষকজনে ৷ 

    • Share this:
    কোন দিশে পৰীক্ষা ব্যৱস্থা ৷ এইবাৰ নকল যোগানত নামিল স্বয়ং শিক্ষাগুৰু ৷ বৰপেটাত মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ প্ৰস্ৰাৱগাৰৰ পৰা বৃহৎ পৰিমাণৰ নকলসহ এজন শিক্ষক আটক ৷ কোন নম্বৰ পৰীক্ষা গৃহত, কোনজন পৰীক্ষাৰ্থীক যোগান ধৰিব নকল, পৰীক্ষাৰ্থীৰ ৰোল নম্বৰ আৰু নামসহ শিক্ষকজনৰ পৰা নকলৰ পুৰিয়া উদ্ধাৰ কৰিলে আৰক্ষীয়ে ৷

    বৰপেটাৰ নগাঁৱৰ শিক্ষামন্দিৰ হাইস্কুল পৰীক্ষা কেন্দ্ৰত নকল যোগান ধৰি থকা অৱস্থাত শিক্ষকগৰাকীক আটক কৰে  আৰক্ষীয়ে ৷ পৰীক্ষা গৃহত ছাত্ৰক নকল যোগানৰ অভিযোগত আটক শিক্ষকগৰাকীৰ নাম খবিৰ ভূঞা ৷ খবিৰ ভূঞা গৰেমাৰী মিলন হাইস্কুলৰ আৰবী বিষয়ৰ শিক্ষক ৷ শিক্ষকজনৰ পৰা পৰীক্ষাৰ্থীৰ ৰোল নম্বৰ আৰু নামসহ বৃহৎ পৰিমাণৰ নকল জব্দ কৰিছে আৰক্ষীয়ে ৷

    আৰক্ষীয়ে নকল যোগান ধৰা শিক্ষকজনক বিচাৰি পৰীক্ষা কেন্দ্ৰত অভিযান চলোৱাৰ সময়ত প্ৰস্ৰাৱগাৰৰ ভিতৰত আত্মগোপন কৰি আছিল শিক্ষকজনে ৷

    ইপিনে পৰীক্ষাৰ্থীক নকল যোগানৰ বাবে নকল জেৰক্স কৰি থকা অৱস্থাত জেৰক্স চেণ্টাৰৰ দুজনকো আটক কৰো আৰক্ষীয়ে ৷ বৰপেটাৰ পালহাজীৰ ছেমিম জেৰক্স চেণ্টাৰত অভিযান চলাই নকল জেৰক্স কৰি থকা অৱস্থাত পালহাজী গাঁৱৰ ইনামুল হক আৰু দংৰা গাঁৱৰ ছহিদুল ইছলামক আটক কৰে আৰক্ষীয়ে ৷ বৰপেটাৰ একাংশ পৰীক্ষা কেন্দ্ৰত নকলৰ অবাধ প্ৰচলন ৰোধ কৰাৰ উদ্দেশ্যে শিক্ষাবিভাগৰ দায়িত্বত থকা বৰপেটাৰ অতিৰিক্ত উপায়ুক্তই পৰীক্ষা কেন্দ্ৰৰ ৩০০ মিটাৰ দূৰত্বৰ সকলো জেৰ'ক্স চেণ্টাৰ বন্ধৰ নিৰ্দেশ দিছিল ৷ কিন্তু জেৰক্স চেণ্টাৰটো বাহিৰৰ পৰা বন্ধ কৰা দেখুৱাই ভিতৰত নকল জেৰক্স কৰি থকাৰ অভিযোগত ইনামুল হক আৰু ছহিদুল ইছলামক আৰক্ষীয়ে আটক কৰে৷
    Published by:Manjumoni Borah
    First published: